নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ জুলাই : অসম ৰাজ্যিক উদ্যোগ নীতিত কেবিনেটৰ অনুমোদন। কেবিনেটৰ বৈঠকত ২৬ টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় । নতুন ৰাজ্যিক চলচ্চিত্ৰ নীতিতো কেবিনেটৰ অনুমোদন ।

ইউ পি এছ চিৰ আৰ্হিত অনুষ্ঠিত কৰা হ’ব এ পি এছ চিৰ পৰীক্ষা।

পৌৰসভাৰ নিৰ্বাচনৰ বাবে এছ চি, এছ টি প্ৰাৰ্থী হ’ব লাগিব উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ।

দৰমহা বৃদ্ধি হ’ব পঞ্চায়ত সভাপতি-সদস্য, জিলা পৰিষদ সদস্যৰ । নগৰ সমিতিৰ নিৰ্বাচনত বাধ্যতামূলক পৰিয়াল পৰিকল্পনা । ৱাৰ্ড কমিছনাৰ প্ৰাৰ্থীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব ।

৬০ টালৈ বৃদ্ধি গুৱাহাটী পৌৰ নিগমত ৱাৰ্ডৰ সংখ্যা ।
পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৱাৰ্ডৰ সংখ্যা হ্ৰাস কৰিছিল ৩১টালৈ। “আপোন ঘৰ” আঁচনিতো ৰাজসাহায্য ২.৫ লাখলৈ বৃদ্ধি।

খেতি কৰা আৰু কটাত নাথাকিব নিষেধাজ্ঞা কোনো নিষেধাজ্ঞা নাথাকিব । ৩৫ বিঘালৈকে ৰোৱা আৰু কটাত নালাগিব অনুমতি ।
গোলাঘাটত হ’ব আগৰৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰেড চেণ্টাৰ ।

ইয়াৰোপৰি চাহ বাগিচাৰ পৰিয়ালসমূহে প্ৰতি মাহে ২ কেজিকৈ বিনামূলীয়া চেনি পাব ।

জলসম্পদত ‘ থ্ৰী এফ’ত ৮০ জন এ ই, ৭০ জন জে ই নিযুক্তিতো অনুমোদন ।