জনীয়া, সংবাদ ৩৬৫, ২২ জুলাই : বিদ্যুৎ বিভাগৰ গাফিলতি। জনীয়াৰ কাউৰঝাহিত বিদ্যুৎপৃষ্ঠ হৈ ৫ জন আহত। এজনৰ মৃত্যু, ২ জনৰ অৱস্থা সংকটজনক, শিশুসহ এজন সুস্থ । সকলোকে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি ।

বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ কাউৰঝাহীত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিদ্যুৎপৃষ্ঠ হৈ আছৰ উদ্দীন নামৰ এজনৰ মৃত্যু হয়। আজগৰ আলী আৰু জয়নব খাতুন আন দুজন গুৰুতভাৱে আহত হোৱাৰ লগতে ছাইফুল ইছলাম নামৰ এজন শিশু আৰু কদম আলী নামৰ লোক বিদ্যুৎপৃষ্ঠ হোৱাৰ পিছতো সুস্থ আছে।

জানিব পৰা অনুসৰি আছৰ উদ্দিন নামৰ লোকজনে বান পানীৰ বাবে চাইকেল কান্দত লৈ ঘৰলৈ গৈ থকা অৱস্থাত বিদ্যুৎ পৰিবাহী খুটিৰ ছাৰ্ভিছ কেবলৰ লগত থকা জি আই তাৰত লাগি বিদ্যুৎপৃষ্ঠ হয়। বিদ্যুৎ পৰিবাহী খুটি ভাঙি যোৱাত খুটিটোৰ ওপৰত লগোৱা হৈছিল এখন লোৰ এংগেল। যাৰ বাবে বিদ্যুৎ পৰিবাহী তাৰৰ পৰা লোৰ এংগেলত বিদ্যুৎ পৰিবাহী হৈ এই ঘটনা সংঘটিত হয়।

বিদ্যুৎপৃষ্ঠ আছৰ উদ্দিনে চিঞৰ বাখৰ কৰাত প্ৰথমে কদম আলী নামৰ এজন লোক ৰক্ষা কৰিবলৈ আহে যদিও বিদ্যুতপৃষ্ঠ হৈ পৰি যোৱাৰ পিছত আছৰ উদ্দীনৰ পত্নী জয়নব খাতুনো ৰক্ষা কৰিবলৈ আহি বিদ্যুৎপৃষ্ঠ হোৱাৰ উপৰি আজগৰ আলীও ৰক্ষা কৰিবলৈ আহি বিদ্যুৎপৃষ্ঠ হোৱাত তেওঁৰ কণপুত্ৰ ছাইফুল ইছলামো পিতৃৰ পিছে পিছে আহি বিদ্যুৎপৃষ্ঠ হৈ আহত হয়।

পাছত উপস্থিত ৰাইজে বাঁহেৰে তাৰ গুচাই দি আহত সকলক উদ্ধাৰ কৰি কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও আছৰ উদ্দীনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইফালে আজগৰ আলী আৰু জয়নব খাতুনৰ অৱস্থা সংকটজক বুলি জানিব পৰা গৈছে ।