নগাঁও : কীৰ্তি কমল বৰাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু। এনডিপিএছ এক্টৰ অধীনত নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কীৰ্তি কমল বৰাৰ বিৰুদ্ধে। প্ৰাক্তন ছাত্ৰ নেতাজনক গুলীওৱা আৰক্ষী প্ৰদীপ বনিয়াই কীৰ্তি কমল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

শনিবাৰে নিশা নগাঁৱত ড্ৰাগছৰ লগত জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে গুলীওৱা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। নগাঁও সদৰ আৰক্ষী থানাত কীৰ্তি কমল বৰাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩২৫/৩৫৩/৩০৭ আৰু আৰ/ডাব্লিউ Sec. ২১(এ)/২৯
এনডিপিএছ এক্টৰ অধীনত ১৩০/২২ নম্বৰত গোচৰ ৰুজু কৰা হৈছে।

এফালে প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক গুলীওৱা আৰক্ষী প্ৰদীপ বনিয়াই প্ৰাক্তন ছাত্ৰ নেতাজন ড্ৰাগছৰ লগত জড়িত থাকৰ অভিযোগত এজাহাৰ দাখিল কৰিছে আনফালে কীৰ্তি কমল বৰাৰ পৰিয়ালে আৰক্ষী প্ৰদীপ বণিয়াৰ বিৰুদ্ধেও এক গোচৰ ৰুজু কৰিছে। আনহাতে শনিবাৰৰ পৰাই আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ আছে নগাঁও।

বিভিন্ন দল-সংগঠনে সোমবাৰেও নগাঁৱত আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁৱৰ ছাত্ৰ সমাজে নগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ পথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে আৰক্ষী প্ৰদীপ বণিয়াক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই অভিযুক্ত আৰক্ষীক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে।