ৰঙিয়া : ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। জ্যেষ্ঠ ছাত্ৰই দলবদ্ধভাৱে আক্ৰমণ চলালে কনিষ্ঠ ছাত্ৰক। বিদ্যালয়ৰ চৌহদৰ ভিতৰতে একাংশ জ্যেষ্ঠ ছাত্ৰই দলবদ্ধভাৱে আক্ৰমণ চলালে এজন কনিষ্ঠ ছাত্ৰক। আক্ৰমণৰ বলি হোৱা ছাত্ৰ গৰাকী গুৰুত্বৰভাৱে আহত। 

ৰঙিয়া জৱাহৰ নৱোদয় বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ দল এটাই নিৰ্মমভাৱে এগৰাকী কনিষ্ঠ ছাত্ৰক মাৰপিট কৰাৰ ঘটনা সংঘটিত হৈছে। বিদ্যালয়খনৰ ছাত্ৰাবাসৰ কোঠা বন্ধ কৰি নিৰ্মমভাৱে কনিষ্ঠ ছাত্ৰ গৰাকীক মাৰপিট কৰে জ্যেষ্ট ছাত্ৰৰ দলটোৱে। আক্ৰমণৰ বলি হোৱা কনিষ্ঠ ছাত্ৰ গৰাকীক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে।

জানিব পৰা মতে দ্বাদশ শ্ৰেণীৰ দহগৰাকী ছাত্ৰই বিদ্যালয়খনৰ চৌহদৰ ভিতৰতে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰক নিৰ্মমভাৱে মাৰপিট কৰে। আহত দশম শ্ৰেণীৰ ছাত্ৰ গৰাকী ৰঙিয়া ব্ৰিকফিল্ড কলনিৰ বুলি জানিব পৰা গৈছে। গুৰুত্বৰভাৱে আহত ছাত্ৰ গৰাকী ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ভুক্তভোগী ছাত্ৰ গৰাকীৰ অভিভাৱকে ন্যায় বিচাৰি ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে। ৰঙিয়া আৰক্ষীৰ দল বিদ্যালয়খনত উপস্থিত হৈ সোধপোছৰ বাবে দহ গৰাকী ছাত্ৰক আটক কৰিছে। এগৰাকী ছাত্ৰীক গালি দিয়াৰ বাবেই দশম শ্ৰেণীৰ গৰাকীক প্ৰহাৰ কৰাৰ কথা স্বীকাৰ কৰিছে  অভিযুক্ত ছাত্ৰ সকলে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াত।