গোৱালপাৰা : গোৱালপাৰাত দুখন গৰু ভৰ্তি বাহন জব্দ। বাহন দুখনৰ পৰা উদ্ধাৰ ২৯ টাকৈ গৰু। দুজন গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ। এখন বলেৰ পিকআপ ট্ৰাক আৰু এখন নম্বৰ বিহীন গাড়ীৰ পৰা আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে ২৯ টাকৈ গৰু।

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা। চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পিছতো একাংশই ৰাজ্যত চলাই গৈছে গৰুৰ চোৰাং বেহা। সোমবাৰে পুৱতি নিশা গোৱালপাৰা জিলাত আৰক্ষীয়ে জব্দ কৰে দুখনকৈ চোৰাং গৰু ভৰ্তি বাহন। শিমলীতোলা আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই চোৰাং গৰু ভৰ্তি বাহন দুখন জব্দ কৰে।

পুৱতী নিশা শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰমজীত দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কমাৰপোতাত তালাচী অভিযান চলাই চোৰাং গৰু ভৰ্তি বাহন দুখন জব্দ কৰে।
এএছ-২৫-চি-৮০৯৮ নম্বনৰৰ এখন বলেৰ পিকআপ ট্ৰাক আৰু এখন নম্বৰ বিহীন বাহনৰ পৰা আৰক্ষীয়ে ২৯ টা চোৰাং গৰু জব্দ কৰে।

চোৰাং গৰু ভৰ্তি বাহন দুখন ধূপধৰালৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে। আৰক্ষী চোৰাং গৰু ভৰ্তি বাহন দুখন জব্দ কৰাৰ লগতে দুজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত গৰু সৰবৰাহকাৰী দুজন ক্ৰমে হাবাল খণ্ডকাৰ খন আৰু দিলৱাৰ হক

সম্প্ৰতি জব্দকৃত গৰু ভৰ্তি বাহন দুখনৰ লগতে গৰু সৰবৰাহকাৰী দুজনক শিমলীতোলা আৰক্ষী চকীত ৰখা হৈছে৷ ইপিনে জব্দ কৰা গৰু কেইটা চোৰাং সৰবৰাহকাৰীয়ে বাংলাদেশলৈ সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে শিমলিতলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰমজিৎ দাসে।