আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : ৰাজ্যজুৰি পালন কৰা হৈছে টাই আহোম জনগোষ্ঠীৰ মাংগলিক অনুষ্ঠান মে-ডাম-মে-ফী। পূৰ্বপুৰুষক স্মৰণ কৰি পৰম্পৰাগত প্ৰথাৰে ৰাজ্যজুৰি পালন কৰা হৈছে মে-ডাম-মে-ফী। মহানগৰী গুৱাহাটীৰ নটব’মাত আহোম জাতীয় মহাসভাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত উদযাপন কৰা হয় মে-ডাম-মে-ফী।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগনতো সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা হয় মে-ডাম-মে-ফী। প্ৰতি বছৰৰ দৰে এইবাৰো ঐতিহাসিক তলাতল ঘৰত ক’ভিড প্ৰ’টকলৰ মাজৰে আহোমসকলৰ পিতৃ পুৰুষ তথা উপৰি-পুৰুষক শ্ৰদ্ধা ভক্তিৰে স্মৰণ কৰি দেশ আৰু দহৰ মংগল কামনাৰে পৰম্পৰাগত প্ৰথাৰে পূজা-অৰ্চনা কৰা হয়।

সম্পূৰ্ণ ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা প্ৰথাৰে বাঁহ মেহেঙা (শৰাই) সাজি বৰাচাউল, আখৈ, লুক লাও (সাঁজ পানী), পাতি হাঁহৰ কণী, কুকুৰা আদি বিভিন্ন নৈবদ্য আগবঢ়াই নিজৰ লগতে সমাজৰ বাবে আশীৰ্বাদ বিচাৰে টাই আহোম সকলে। পুৱা পতাকা উত্তোলনৰ পিছতে ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে পালন কৰা হয় আহোমসকলৰ এই ধৰ্মীয় অনুষ্ঠান।