জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথত বিজেপি দলত যোগদানৰ জোৱাৰ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিভিন্ন জনে আহি এতিয়া যোগদান কৰিছে বিজেপি দলত।  কংগ্ৰেছ দলৰ লগতে বিশ্বনাথত আঞ্চলিকতাবাদী তথা জাতীয়তাবাদী শিবিৰ ত্যাগ কৰি গেৰুৱা বসন পিন্ধিছে বহু নেতা কৰ্মীয়ে।

সৌ সিদিনা বিশ্বনাথত এক যোগদান কাৰ্যসূচীত সভাপতিসহ সম্পূৰ্ণ এটা পঞ্চায়ত, বিশ্বনাথ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকসহ বিভিন্ন জাতীয় দল-সংগঠনৰ নেতাকৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ পিছত পুনৰ বিশ্বনাথ বিজেপিত উঠিছে যোগদানৰ জোৱাৰ। বিশ্বনাথৰ লেহুগাঁও গাঁও পঞ্চায়তত বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ সৌজ্যনত এক বিশেষ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

যোগদান অনুষ্ঠানত বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা সভাপতি পংকজ বৰা, কিষাণ মৰ্চাৰ সভাপতি ভাষ্কৰ হাজৰিকা, জিলা পৰিষদৰ সদস্য সত্যেন্দ্ৰ হাজৰিকাৰ লগতে যুৱ মৰ্চাৰ জিলা সভাপতি দেৱজিৎ বৰাকে ধৰি বহু লোক উপস্থিত থাকে। সভাত অসম গণ পৰিষদৰ হৈ ২৬ বছৰে সেৱা আগবঢ়োৱা তথা প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি কন্দৰ্প হাজৰিকাই বিজেপি দলত যোগদান কৰে।

অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ তথা কংগ্ৰেছ দলৰ বহু  বিষয়ববীয়াই বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰে। আনফালে ৰাজ্যসভাৰ নিৰ্বাচনৰ দুয়খন আসনতে বিজেপিয়ে জয় লাভ কৰিব, কংগ্ৰেছ আৰু এআইইউডিএফ একেলগে থাকিও ৰাজ্যসভাৰ আসন দখল কৰিব নোৱাৰে বুলি মন্তব্য কৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই।