সোণতলী, ১৬ মেঃ বিগত কিছুদিন ধৰি নামনি অসমৰ সকলোবোৰ জিলাৰ গ্ৰামাঞ্চল তথা চৰাঞ্চলৰ জনসাধাৰণৰ মাজত ভেকচিনক লৈ এক বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৷ বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ভেকচিন প্ৰদানেৰে সন্তান জন্ম দিয়াৰ ক্ষমতা শেষ কৰি পেলাব বুলি ওলোৱা এক উৰা বাতৰি বিয়পি পৰাত নামনি অসমৰ প্ৰায়বোৰ জিলাৰ গ্ৰামাঞ্চল তথা চৰাঞ্চলৰ সৰ্বসাধাৰণ সংখ্যালঘু ৰাইজ আতংকিত হৈ পৰিছে ৷ বৰ্তমান নামনি অসমৰ প্ৰায়বোৰ চৰাঞ্চল তথা গ্ৰামাঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েই বিদ্যালয়ত কোনো ধৰণৰ চাৰিচকীয়া বাহন প্ৰৱেশ কৰিলেই বিদ্যালয়ৰ খিৰকীৰে জপিয়াই পলায়ন কৰিবলৈ আৰম্ভ কৰাত শিক্ষক সকলে সমস্যাত পৰিছে ৷ ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলেও ভেকচিনৰ উৰা বাতৰি বিশ্বাস কৰি ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ যোৱাত বাধা প্ৰদান কৰা বুলিও জানিব পৰা গৈছে ৷ সমগ্ৰ নামনি অসমতে ভেকচিনৰ উৰা বাতৰিত সৰ্বসাধাৰণ ৰাইজে আতংকিত হৈ থকাৰ সময়তে কামৰূপ জিলাৰ জোৰশিমুলীত স্থানীয় ৰাইজে স্বাস্থ্য কৰ্মীক আৱদ্ধ কৰি জৱাব দিহি কৰে ৷ জানিব পৰা মতে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী ( আৰ বি এছ কে) ৰ জৰিয়তে বিদ্যালয়ৰ  ১৯ বছৰ বয়স লৈকে ছাত্ৰ- ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ (ভেকচিন প্ৰদান নহয়) ব্যৱস্থা কৰিছে চৰকাৰে ৷ সেই মৰ্মে ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ নিৰ্দেশ মৰ্মে চিকিৎসা বিষয়া ডা০ নিলিমা সৰকাৰৰ নেতৃত্বত এদল স্বাস্থ্য কৰ্মীয়ে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ দিনৰ প্ৰায় ১১ বজাত ছয়গাঁও সমষ্টিৰ সৰলাৰ সুঁতি প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয়৷ ইতিপূৰ্বে ভেকচিনৰ উৰা বাতৰিত আতংকিত হৈ থকা বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে ভয়তে দৌৰা-দৌৰিকৈ ঘৰমূৱা হ’বলৈ লওতেই অভিভাৱকসকলে চিকিৎসকৰ দলটোক ঘেৰি জোৰশিমুলী আৰক্ষীক খবৰ দিয়ে৷ জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লংকেশ্বৰ শৰ্মাৰ লগতে গৰৈমাৰী চক্ৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ লগতে বিষয়টোক লৈ ৰাজহুৱা ভাৱে সজাগতা সভা আহ্বান কৰা হ’ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে৷