গুৱাহাটী : দেশবাসীক চৰকাৰে বিনামূলীয়া ক’ভিড ভেকচিন দিয়াৰ প্রচাৰ চলাই থকাটো মিছা। চৰকাৰে দেশবাসীক বিনামূলীয়া ক’ভিড ভেকচিন দিয়া নাই। আচলতে পেট্ৰ’লৰ টেক্সৰ টকাৰেহে চৰকাৰে দেশবাসীক ক’ভিডৰ ভেকচিন দিছে। এই কথা বিৰোধী দলৰ কোনো নেতাৰ নহয়, এই কথা জানিবলৈ দিছে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। আপুনি ক’ভিড ভেচিকিনৰ বাবে টকা দিব লগা হোৱা নাই, ক’ভিড ভেকচিন কৰ পৰা আহিছে প্ৰশ্ন ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ।

দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হুৰহুৰাই বৃদ্ধি পাই আছে। প্ৰায় প্ৰতিদিনে বৃদ্ধি পায় পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। ইতিমধ্যে পেট্ৰ’লৰ মূল্য শতকৰা ঘৰ অতিক্ৰম কৰিছে। পেট্ৰ’ল আৰু ডিজিলেৰ এই ধৰাবহিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জলাকলা খুৱাইছে যদিও ইয়াকলৈ চৰকাৰ চিন্তিত নহয়। পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দল সমূহৰ লগতে বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে যদিও এই ক্ষেত্ৰত চৰকাৰৰ নাই কোনো প্ৰতিক্ৰিয়া।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে মূল্যবৃদ্ধিক কংগ্ৰেছৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি শাসনৰ গাদী দখল কৰিছিল যদিও মূল্যবৃদ্ধিৰ পৰা দেশবাসীয়ে আজি পৰ্যন্ত সকাহ নাপালে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণলৈ অহাৰ পৰিবৰ্তে দিনক দিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক। পেট্ৰ’ল আৰু ডিজেলৰ ধৰাবহিক মূল্যবৃদ্ধি সন্দৰ্ভত চৰকাৰৰ এটাই উত্তৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্যবৃদ্ধি হোৱাৰ বাবেই পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হৈছে।

পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত চৰকাৰৰ এই যুক্তিত অন্য কেইবাটাও যুক্তি সংযোগ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। পেট্ৰলৰ মূল্যবৃদ্ধি সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় “পেট্ৰ’লৰ মূল্যবৃদ্ধি হোৱা নাই। পেট্ৰ’লৰ মূল্য ৪০ টকা। টেক্স থকাৰ বাবেই পেট্ৰ’লৰ মূল্যবৃদ্ধি হৈছে।” মন্ত্ৰী গৰাকীয়ে লগতে কয় “আপোনালোকে বিনামূলীয়াকৈ ক’ভিডৰ ভেকচিন লৈছে। এই ভেকচিনৰ টকা আপোনালোকে দিয়া নাই। এই ভেকচিনৰ টকা কৰ পৰা আহিছে। ভেকচিনৰ টকা টেক্সৰ পৰা আহিছে।”

কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে লগতে যুক্তি দাঙি ধৰে যে পেট্ৰ’লতকৈ পানীৰ মূল্যহে বেছি। হিমালয়াৰ এবটল পানীৰ দাম এশ টকা আৰু ইয়াত টেক্স নাথাকে বুলিও কয় কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰী গৰাকীয়ে। পেট্ৰলৰ আৰু ডিজেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লগত সংযোগ হৈ আছে আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্যবৃদ্ধি হলে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি পায় বুলিও কয় ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰী গৰাকীয়ে। কংগ্ৰেছ শাসিত ৰাজস্থানত পেট্ৰ’লৰ মূল্য অধিক বুলিও কয় ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।