জোনমণি বেগম

বিশ্বনাথ : নিজ সন্তানক বিক্ৰী কৰি ৰঙাঘৰৰ আলহী পাষাণ পিতৃ। নাতি-নাতিনীক বিচাৰি আইতাকৰ হিয়া ভঙা কান্দোন। পিতৃ সমাজক কলুষিত কৰা লোকজনৰ ফাঁচীৰ দাবী সচেতন ৰাইজৰ। এজন পাষাণ পিতৃয়ে ত্ৰিশ হাজাৰ টকাত বিক্ৰী কৰিলে নিজৰে দুটি সন্তানক৷ নিজৰ পুত্ৰ-কন্যাক গহপুৰত বিক্ৰী কৰিলে নগাঁৱৰ ছাহিদুল ইছলাম নামৰ এজন লোকে৷ বৰ্তমান ৰঙাঘৰৰ আলহী ছাহিদুল ইছলাম৷

নগাঁৱৰ ছাহিদুল ইছলামে বিবাহ কৰিছিল বিশ্বনাথ জিলাৰ জিনজিয়া থানাৰ অন্তৰ্গত পাভৈৰ দিৰিং পথাৰৰ খুন আলীৰ কন্যাক৷ প্ৰথমাৱস্থাত সংসাৰ ঠিকেই চলিছিল যদিও পিছলৈ ছাহিদুল ইছলামৰ বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি সন্তান কেইটিক বুকুত লৈ পিতৃ ঘৰলৈ গুছি আহিছিল ছাহিদুল ইছলামৰ পত্নী৷ কিন্তু কিছুদিন পূৰ্বে আইতাৰ ঘৰত পঢ়া-শুনা কৰা ছাহিদুল ইছলামৰ পুত্ৰ আৰু কন্যা সন্তানক ছাহিদুল ইছলামে ফুচুলাই নি বিক্ৰী কৰে গহপুৰত কোনো অচিনাকী লোকৰ হাতত৷

যোৱা ৬ অক্টোবৰ তাৰিখে চতিয়া থানাৰ অন্তৰ্গত ভোজমাৰীৰ নেকবৰ আলী নামৰ এজন লোকে জানিবলৈ দিয়ে যে ছাহিদুল ইছলামে চতিয়া ছাইদুল ইছলাম নামৰ এজন লোকৰ সহযোগত ৩০ হাজাৰ টকাত গহপুৰৰ কোনো অচিনাকী ব্যক্তিৰ হাতত বিক্ৰী কৰে শিশু দুটিক৷ সেই তথ্যৰ ভিত্তিত জিনজিয়া আৰক্ষীৰ সহযোগত চতিয়া আৰক্ষীয়ে শুকুৰবাৰে আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকা ছাহিদুল ইছলামক চতিয়াৰ ভোজমাৰী পৰা আটক কৰি বিশ্বনাথ কাৰাগাৰলৈ প্ৰক্ষেপ কৰে৷

ইফালে, নিজ নাতি-নাতিনী হেৰুৱাই শোকত ভাগি পৰে আইতাকসহ স্থানীয় লোক সকল৷ স্থানীয় লোকৰ লগতে দল-সংগঠনে জিলাখনত সঘনাই সংঘটিত হৈ থকা শিশু, কিশোৰ-কিশোৰী, মহিলা নিৰুদ্দেহ হোৱাৰ ঘটনাৰ আঁৰত জড়িত এনে ধৰণৰ শিশু, মানৱ সৰবৰাহকাৰী দালাল চক্ৰক অতি ক্ষিপ্ৰতাৰে উৎখাত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনায়৷ লগতে নিৰুদ্দেহ হৈ থকা শিশুসকলক অতি শীঘ্ৰে উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়াৰ দাবী জনায়৷