ৰূপহীহাট : অভয়াৰণ্যৰ জলাশয়ত মাছ আৰু চৰাইৰ চিকাৰ বন্ধ কৰাৰ দাবী ৰাইজৰ। একাংশ সচেতন ৰাইজে অভয়াৰণ্যৰ জলাশয়ত মাছ আৰু চৰাইৰ চিকাৰ কৰা লোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী। বন বিভাগৰ শীৰ্ষ বিষয়ালৈ ৰাইজৰ অভিযোগ পত্ৰ প্ৰেৰণ। লাওঁখোৱা-বুঢ়াচাপৰী অভয়াৰণ্যৰ অন্তৰ্গত বিভিন্ন জলাশয়ত একাংশ লোকে অবৈধভাৱে মাছ নিধনযজ্ঞ চলাই থকাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিশেষকৈ লাওঁখোৱা সুতিত এটা দুষ্ট চক্ৰই বিগত কিছুদিন ধৰি অভয়াৰণ্যখনৰ অন্তৰ্গত জলাশয় সমূহত মাছ মাৰি বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপন হৈছে। লাওঁখোৱাৰ একাংশ সচেতন ৰাইজে নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়াক এই সম্পৰ্কত এখন অভিযোগ পত্ৰ প্ৰদান কৰিছে। ৰাইজে অভিযোগ পত্ৰত উল্লেখ কৰিছে যে বিগত কিছুদিন ধৰি লাওঁখোৱা সুতিৰ পশ্চিম ফালে এটা দুষ্ট চক্ৰই অবৈধভাৱে মাছ ধৰি আহিছে। এই দুষ্ট চক্ৰটোৱে মাছ মৰাৰ লগতে বিভিন্ন ধৰণৰ চৰাইৰো চিকাৰ কৰি আহিছে বুলি ৰাইজে অভিযোগ পত্ৰত উল্লেখ কৰিছে।

লাওঁখোৱা সুতিৰ কাষতে লাঠিমাৰি, সুতিৰপাৰ আদি বন শিবিৰ থকাৰ পিছতো বন বিভাগৰ কৰ্মীয়ে এই ক্ষেত্ৰত ৰহস্যজনকভাৱে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। লাওঁখোৱা-বুঢ়াচাপৰী অভয়াৰণ্যৰ মাছ ধৰা অঞ্চল সমূহৰ অন্যতম হৈছে ৰৌমাৰি, দণ্ডুৱা, মোৱামাৰি, হিজলতলি, খৰনলি, চৈধ্যমাল, চাটাকুৰি, চিলমাৰী আদি।

প্ৰায় আঠ মাহ পূৰ্বে অবৈধভাৱে মাছ ধৰা এটা চক্ৰৰ সৈতে বনকৰ্মীৰ সংঘাতৰো সৃষ্টি হৈছিল অঞ্চলটোত। অৱশ্যে বন বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাত অবৈধভাৱে মাছ ধৰা চক্ৰটো কিছুদিন ধৰি মাছ মৰা বন্ধ কৰিছিল যদিও শেহতীয়াকৈ পুনৰ সক্ৰিয়হৈ পৰিছে চক্ৰটো। সেয়ে স্থানীয় ৰাইজে বন বিভাগৰ শীৰ্ষ বিষয়াক অবৈধভাৱে মাছ ধৰা চক্ৰটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।