নিউজ ডেস্ক, সংবাদ ৩৬৫, ২২ জুলাই : ভাৰতীয় মহাকাশ গৱেষণাকাৰী সংগঠন চমুকৈ ইছৰ’ চন্দ্ৰযান-২ উৎক্ষেপনৰ বাবে সাজু হৈছে। সোমবাৰে দুপৰীয়া ২.৪৪ বজাত চন্দ্ৰলৈ গমন কৰিব চন্দ্ৰযান-২ য়ে ।

উল্লেখযোগ্য যে কাৰিকৰী বিজুতিৰ বাবে ১৫ জুলাইত স্থগিত কৰিব লগীয়া হৈছিল চন্দ্ৰযান-২ৰ উৎক্ষেপন । ১৪ আগষ্টত চন্দ্ৰ অভিমুখে অগ্ৰসৰ হ’ব চন্দ্ৰযান-২ । ইয়াৰ পাছতে ৬ ছেপ্টেম্বৰত চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযানৰ লেণ্ডাৰে । অভিযান সফল হ’লে বিশ্বৰ চতুৰ্থ ৰাষ্ট্র হ’ব ভাৰত ।

এই চন্দ্ৰযান চন্দ্ৰপৃষ্ঠৰ দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰিব। প্ৰায় ১০০০ কোটি টকাৰ এই প্ৰকল্পটোত জি এছ এল ভি এম কে-৩ ৰকেট প্ৰক্ষেপন কৰা হব। এক তথ্য অনুসৰি ভাৰতীয় অনুসন্ধানকাৰী সংস্থাই বহু কম খৰচতে এই প্ৰকল্পটোৰ কাম সমাপন কৰিছে।