গুৱাহাটী, সংবাদ ৩৬৫, ২২ জুলাই : অসমৰ বানপানী আৰু গৰাখহনীয়াক লৈ চি পি আই ( এম-এল )য়ে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে । তেওঁলোকৰ দাবী কেন্দ্ৰ চৰকাৰৰ বৈষম্য আৰু ৰাজ্য চৰকাৰৰ গাফিলতিয়ে বান সমস্যা গভীৰ কৰিছে ।

বান সমস্যাতকৈ নমামী উৎসৱক লৈ বেছি গুৰুত্ব দিছে চৰকাৰে । বান সমস্যাৰ লগতে গৰাখনীয়াও ৰাজ্যৰ বাবে এক গভীৰ সমস্যা হৈ পৰিছে যদিও চৰকাৰে ইয়াৰ সমাধানৰ বাবে কোনো আঁচনি গ্ৰহণ কৰা নাই । চি পি আই (এম-এল)য়ে জানিবলৈ দিয়া মতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি যোৱা ৫ বছৰত খহনীয়াৰ গ্ৰাসত ১১ লাখ বিঘাতকৈ বেছি উৰ্বৰ ভূমি নদীয়ে কাঢ়ি নিছে। ২৩ খন জিলাত ৫ বছৰত খহনীয়াৰ বাবে ৮৬ হাজাৰ ৫৬১ জন লোক ভূমিহীনত পৰিণত হৈছে । আনহাতে, ২০১৫ চনৰ পৰা ২০১৮ চন পৰ্যন্ত ছিগা মঠাউৰিৰ ৬০ শতাংশই মেৰামতি কৰা নাই । অসমৰ ৪৩২ টা মঠাউৰিৰ ৩০০ টাই কাৰ্যক্ষম হৈ আছে । কিন্তু চৰকাৰে এই বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই আৰু পুঁজিও মোকোলাই দিয়া নাই ।

ইফালে ২৭ খন জিলাৰ ৩৭০৫ খন গাঁৱৰ প্ৰায় ৪৯ লাখ এতিয়াও বানত আক্ৰান্ত হৈ আছে । চৰকাৰলৈ তেওঁলোকৰ দাবী বানপানীৰ স্থায়ী সমস্যা সমাধানৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ অসমে পাব লগীয়া পুঁজি মোকোলাই দিলেই নহব । বান পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিব পৰাকৈ বিশেষ পেকেজ ঘোষণা কৰক ।

অসমৰ সম্পদবিলাক যদি ৰাষ্ট্ৰীয় হয় তেনেহলে বানপানীকো অসমৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। দুৰ্যোগ ব্যৱস্থাপনাৰ ৰিলিভ মেনুৱল অনুসৰি সকলো বানাক্ৰান্তক যথাযথভাৱে ক্ষতিপূৰণ দিব লাগে । এই ক্ষেত্ৰত এন জি অ বিলাকে ভাল পদক্ষেপ লৈছে ।

ম্যাদ উকলা মঠাউৰি আৰু অকার্যকৰি মঠাউৰি পুনৰ নিৰ্মান কৰিব লাগে লগতে বানত বিধস্ত হোৱা শস্য ভূমিকে ধৰি বানপীড়িত অঞ্চলৰ ভূমিৰ খাজনা পাঁচ বছৰলৈ ৰেহাই দিব লাগে আৰু বানপীড়িত অঞ্চলৰ চৰকাৰী -ব্যক্তিগত সকলো ধৰণৰ কৃষি ঋণ মুকলি কৰিব লাগে আৰু পুনৰ খেতিৰ বাবে উপযুক্ত কঠীয়া তথা বীজ বিনামূলীয়াকৈ যোগান ধৰিব লাগে ।

বান সমস্যাক লৈ হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু সকলো বৃহৎ নদীবান্ধ প্ৰকল্প বন্ধ কৰি ক্ষুদ্ধ বান্ধ তথা জলসিঞ্চনৰ আঁচনি গ্ৰহণ কৰিব লাগে।