জনীয়া, সংবাদ ৩৬৫, ২১ জুলাই : জনীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত বানপানী কমিছে যদিও কিছুমান শিবিৰৰ পৰা মানুহ ঘৰলৈ উভতি যোৱাৰ পৰিবেশ এতিয়াও হৈ উঠা নাই। কিন্তু শিবিৰ পাতি থকা মানুহৰ মাজত কিছু ক্ষেত্ৰত হাহাকাৰৰ পৰিস্থিতি হোৱা দেখা গৈছে। জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাদঙ হাইস্কুলত শিবিৰ পাতি থকা মানুহখিনিৰ দৰব,খাদ্য আৰু শৌচাগাৰৰ বিশেষ অভাৱ হোৱা পৰিলক্ষিত হৈছে।

আনহাতে আজিকোপতি বৰপেটা জিলা প্ৰশাসনে কাদঙৰ বিকলাঙ্গ মানুহৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত বিকলাংগ মানুহক বিশেষ সাহাৰ্য্য আৰু শিবিৰত থকা মানুহখিনিৰ বাবে দৰব,বিশুদ্ধ খোৱা পানী,চাউল-দালি সাহাৰ্য্য যোগান আৰু চৰকাৰে ঘোষণা অনুসৰি শিবিৰত থকা পৰিয়ালে প্ৰতি ৩৮ শ টকাকৈ অতি শীঘ্ৰেই প্ৰদান কৰাৰ দাবীৰে নিখিল ভাৰত কৃষক সভা জনীয়া আঞ্চলিকৰ সম্পাদক জয়নাল আবেদিনৰ স্বাক্ষৰিত এক স্মাৰকপত্ৰ গাওঁ বুঢ়াৰ জৰিয়তে বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়ালৈ প্ৰেৰণ কৰে।