Sibani Saikia 

গুৱাহাটী : অসমবাসীৰ বাবে সুখবৰ। ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ (World Heritage Site) স্বীকৃতি লাভৰ সকলো কাৰিকৰি দিশ সম্পুৰ্ণ কৰিলে চৰাইদেউ মৈদামে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে আৰু এখোজ আগুৱাবলৈ সক্ষম হৈছে চৰাইদেউৰ মৈদাম।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে ইউনেস্কৰ বাছনিৰ সকলো কাৰিকৰী দিশ সম্পূৰ্ণ কৰিলে চৰাইদেউৰ মৈদামে। উজনি অসমৰ চৰাইদেউ জিলাত আহোম যুগৰ ১৫০ টাৰো অধিক মৈদাম আছে। মৈদাম সমূহ আহোম জনগোষ্ঠী লোকৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা। আহোমৰ ৬০০ বছৰীয়া ৰাজত্বকালত আহোম ৰাজপৰিয়ালৰ লোক আৰু বিষয়ববীয়াসকলক মৈদাম প্ৰথাৰে সমাধিস্থ কৰা হৈছিল।

আহোম জনগোষ্ঠীৰ মৈদামসমূহক ৰাজ্য চৰকাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিবলৈ সম্ভাৱনা ব্যক্ত কৰিছিল। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰথমতেই ২৫ কোটি টকা ধাৰ্য্য কৰিছিল। সাংস্কৃতিক মন্ত্ৰণালয়ৰ এক প্ৰতিনিধিমণ্ডল ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত সমীক্ষাৰ বাবে চৰাইদেউ ভ্ৰমণ কৰিছিল। অবশেষত দীঘলীয়া এক পৰিক্ৰমা অতিক্ৰম কৰি সমগ্ৰ অসমৰ বাবে আহিল ভাল খবৰটো। ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ সকলো কাৰিকৰী দিশ সম্পূৰ্ণ কৰিলে চৰাইদেউ মৈদামে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইতযোগে প্ৰকাশ কৰে, “অসমবাসীক জনাবলৈ পাই মই সুখী হৈছোঁ যে ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন পৰ্বত চৰাইদেউ মৈদামে স্থান লাভ কৰাৰ ক্ষেত্ৰত ইউনেস্ক সচিবালয়ৰ সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। পৰৱৰ্তি সময়ত এই মনোনয়ন পত্ৰ আন্তৰ্জাতিক কৃতিছিহ্ন আৰু স্থান পৰিষদে পুনৰীক্ষণ কৰিব।” চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়নৰ বাবে প্ৰেৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।