নিউজ ডেস্ক : চাৰিওফালে কেৱল মাত্ৰ বগা ফেন। দিল্লীত যমুনা নদীৰ চাৰিওফালে বগা ফেন। দেখিবলৈ বৰফ সদৃশ এই সমূহ প্ৰকৃততে হৈছে প্ৰদূষিত যমুনা নদীৰ বিষাক্ত ফেন। এতিয়া এই বিষাক্ত ফেনে আৱৰি থকা যমুনা নদীত ছট পূজা উদযাপন কৰিবলৈ বাধ্য দিল্লীবাসী। যমুনাৰ বিষাক্ত পানীত ডুব দি স্নান কৰিব লাগিব দিল্লীৰ ছট পূজা পালন কৰা ভক্ত সকলে।

সোমবাৰৰ পৰা আৰম্ভ হৈছে হিন্দু ধৰ্মাৱলম্বী লোক সকলক মহাপৰ্ব ছাট পূজা। দীপাৱালীৰ ৬ দিন পিছত কাতি মাহত সমগ্ৰ দেশতে পালন কৰা হয় ছাট পূজা। চৰিদিন পৰ্যন্ত চলা ছট পূজাৰ এই মহাপৰ্বৰ প্ৰথম দিনা ভক্ত সকলে নদীত স্নান কৰি পূজাৰ আৰম্ভ কৰে। সমগ্ৰ দেশৰ লগতে দেশৰ ৰাজধানী দিল্লীতো প্ৰতিবছৰে উলহ মালহ পৰিৱেশৰ মাজত ছট পূজা পালন কৰা হয়।

প্ৰতিবছৰৰ দৰে এইবছৰো সোমবাৰে ছট পূজাৰ প্ৰথম দিনা দিল্লীত ভক্ত সকলে পুৱাৰ ভাগত নদীত স্নান কৰি পূজাৰ আৰম্ভণি কৰে। কিন্ত দিল্লীৰ যমুনা নদীৰ পৰা ছট পূজা উপলক্ষে ভক্ত সকলে স্নান কৰা দৃশ্যই সকলোকে চিন্তিত কৰি তুলিছে। বিষাক্ত বগা ফেনে আৱৰি থকা যমুনা নদীত ভক্ত সকলে স্নান কৰিবলৈ বাধ্য হৈছে।

উল্লেখ্য যে দীপাৱালীৰ পিছত দিল্লীৰ বায়ু প্ৰদূষিত হৈছে। দীপাৱালীৰ ফটকাৰ ধোঁৱাই দিল্লীৰ বায়ুত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰিছে। ইফালে যমুনা নদীতো প্ৰদূষণৰ মাত্ৰা ভয়াবহভাৱে বৃদ্ধি পাইছে। যমুনা নদীত এমোনিয়াৰ মাত্ৰা ভয়াবহভাৱে বৃদ্ধি পাইছে। উল্লেখ্য যে ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী প্ৰশাসনে এইবাৰ যমুনা নদীৰ পাৰত ছট পূজাৰ অনুমতি প্ৰদান কৰা নাই।