হলৌ বান্দৰৰ সংৰক্ষণ সন্দৰ্ভত বিশেষ আলোচনাচক্ৰ

In ৰাজ্য
Umra Package

গুৱাহাটী : সমগ্ৰ বিশ্বতে ২০ টা প্ৰজাতিৰ হলৌ বান্দৰ পোৱা যায়। তাৰে এটা প্ৰজাতিৰ হলৌ বান্দৰহে উত্তৰ পূৰ্বাঞ্চলত পোৱা যায়। হলৌ বান্দৰৰ সংৰক্ষণ বাবে কেন’পী ব্যৱহাৰ কৰিব লাগে, এই মন্তব্য কটন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড° নাৰায়ণ শৰ্মাৰ। অসমৰ বিপদাপন্ন আৰু আপুৰুগীয়া প্ৰাণী হলৌ বান্দৰৰ সংৰক্ষণ শীৰ্ষক এক আলোচনাচক্ৰত অংশগ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড° নাৰায়ণ শৰ্মাই এই মন্তব্য কৰে।

উল্লেখযোগ্য যে ক’ভিডসৃষ্ট পৰিৱেশৰ পিছত বন্যপ্ৰাণী পৰ্যটনে এক ন মাত্ৰা লাভ কৰিছে। ভাৰত পৰ্যটনৰ উদ্যোগত আৰু এন ই ফ’কাচ ডট কমৰ সহযোগত অনুষ্ঠিত হোৱা এই আলোচনাৰচক্ৰখনত উপস্থিত থাকি বন বিভাগৰ মুখ্য বন সংৰক্ষক অমৃত চাহায়ে কয় যে হলৌ বান্দৰ সংৰক্ষণ বাবে বন বিভাগে পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিশেষকৈ কেন’পী প্ৰস্তুত কৰা অথবা হলৌ বান্দৰ হোলোঙা পাৰত থকা অঞ্চলত ৰপৱে নিৰ্মাণ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। এই সম্পৰ্কে মুখ্যমন্ত্ৰীৰ লগতো আলোচনা হৈছে। আনহাতে আলোচনাচক্ৰখনত অৰণ্যকৰ গৱেষক ড° দিলীপ ছেত্ৰীয়ে হলৌ বান্দৰ সংৰক্ষণৰ সম্পৰ্কত বিশদভাৱে পৰামৰ্শ আগবঢ়ায়।

আলোচনাচক্ৰখনত ভাৰত পৰ্যটনৰ ক্ষেত্ৰীয় সঞ্চালক শংখ শুভ্ৰ দেৱ বৰ্মনে পূব বিপদাপন্ন প্ৰজাতিৰ আৰু জৈৱ বৈচিত্ৰ্যৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়। এন ই ফ’কাচ ৰ সহযোগত আয়োজিত আলোচনাচক্ৰখনত শিক্ষাৰ্থী, পৰ্যটক, প্ৰকৃতিপ্ৰেমী, অধ্যক্ষ লগতে বহু কেইগৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে।স্মৰ্তব্য যে এন ই ফ’কাচ ডট কমে সময়ে সময়ে এনেধৰণৰ সামাজিক উৎকৰ্ষ সাধনৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।অনুষ্ঠানত এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়া আৰু সংগীতা ভট্টাচাৰ্য্যই অংশগ্ৰহণ কৰে।

You may also read!

Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক

Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ

Read More...

Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে

Basiruddin Ahmed  ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক

Read More...

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Mobile Sliding Menu