ক্ষেত্ৰী : মহানগৰী গুৱাহাটীৰ সমীপৱৰ্তী ক্ষেত্ৰীৰ বৰাহুৰ মইনাজানত বুধবাৰে নিশা সংঘটিত হয় এক শোকাবহ ঘটনা। ক্ষেত্ৰীৰ বৰাহুৰ মইনাজানত ৰে’লৰ খুন্দাত মৃত্যু হয় দুটাকৈ বনৰীয়া হাতীৰ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু হয় ৰে’লৰ খুন্দাত।

নিশা প্ৰায় ১০ বজাত ৰে’লৰ খুন্দাত এটা মতা আৰু এজনী মাইকী হাতীৰ মৃত্যু হয়। উজনীমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত হাতী দুটাৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। বৃহত্তৰ ধোপগুৰি অঞ্চলৰ বিস্তৃৰ্ণ পথাৰ এতিয়া পকা ধানেৰে ভৰি থকাৰ পৰিপ্ৰেক্ষিতত ঢৌমৰা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাক এটা বিগত কিছুদিন ধৰি অঞ্চলটোত বিচৰণ কৰি থকা বুলি ৰাইজে জানিবলৈ দিয়ে।

বুধবাৰে নিশাৰ ভাগতো বনৰীয়া হাতীৰ জাকটো খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি ৰে’ল লাইন পাৰ হ’বলৈ লওঁতে সংঘটিত হয় এই শোকাবহ ঘটনা। ঘটনাৰ পিছতে ৰে’ল আৰক্ষী আৰু স্থানীয় বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাস্থলীৰ সমীপতে মৃত বনৰীয়া হাতী দুটাৰ মৰণোত্তৰ পৰীক্ষা কৰি হাতী দুটা সমাধিস্ত কৰে। ৰে’লৰ খুন্দাত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।