নগাঁও : ক্ষোভত জ্বলিছে নগাঁওবাসী। ক্ষোভিত নগাঁওবাসীয়ে দাহ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ পুত্তোলিকা। কীৰ্তি কমল বৰা নামৰ এজন প্ৰাক্তন ছাত্ৰ নেতা নগাঁও আৰক্ষীৰ গুলীত আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি উত্তাল হৈ আছে নগাঁও।

শনিবাৰে নিশা নগাঁও আৰক্ষীয়ে কীৰ্তি কমল বৰা নামৰ প্ৰাক্তন ছাত্ৰ নেতাজনক গুলীয়াই আহত কৰিছিল। ইয়াকে কেন্দ্ৰ কৰি শনিবাৰে নিশাৰ পৰাই উত্তপ্ত হৈ আছে নগাঁও। দেওবাৰে পুৱাৰ ভাগতো নগাঁও আৰক্ষীৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে।

নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক কীৰ্তি কমল বৰাক বিনা দোষত আৰক্ষীয়ে গুলীওৱাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ পুত্তোলিকা দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে।

কীৰ্তি কমল বৰাক গুলীওৱা প্ৰদীপ বণিয়া নামৰ আৰক্ষীজনক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে। এজন ছাত্ৰ নেতাক গুলীয়াই আহত কৰা ঘটনাই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ
গাঁত চেকা লগা বুলি মন্তব্য কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে।