ধুবুৰী : শনিবাৰে নিশা নগাঁও আৰক্ষীৰ গুলীত কীৰ্তি কমল বৰা নামৰ এজন প্ৰাক্তন ছাত্ৰ নেতা আহত হয়। এই ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰক্ষীক তীব্ৰ সমালোচনা কৰি এই ঘটনাক গৰিহণা দিছে বিভিন্ন দল-সংগঠনে। বিৰোধী দল সমূহে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ নিলম্বনৰ দাবী জনাইছে। শনিবাৰে কিন্ত নগাঁৱতে নহয় ধুবুৰীতো আৰক্ষীয়ে চালনা কৰিছিল গুলী।

শনিবাৰে নিশা ধুবুৰী আৰক্ষীয়ে এজন অপৰাধীক লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয়। ধুবুৰী আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল বেল্লাল শ্বেখ নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক। ইয়াৰ পিছতে আৰক্ষীয়ে বেল্লাল শ্বেখক লগতলৈ গৌৰীপুৰত তদন্ত চলাবলৈ যাওঁতে আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাই বেল্লাল শ্বেখে।

প্ৰস্ৰাৱ কৰাৰ চলেৰে আৰক্ষীৰ চকুত ধুলি দি পলাবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে বেল্লাল শ্বেখৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত বেল্লাল শ্বেখক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বেল্লাল শ্বেখৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত ৰুজু হৈ আছে চাৰিটাকৈ গোচৰ।

ইফালে নগাঁৱত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক আৰক্ষীয়ে গুলীওৱাৰ ঘটনাক তীব্ৰ সমালোচনা কৰিছে বিৰোধী দল সমূহৰ নেতা সকলে। শিৱসাগৰৰ বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ইয়াক গৰিহণা দি অসমত জংঘলৰাজ চলি থকা বুলি মন্তব্য প্ৰকাশ কৰিছে।