গুৱাহাটী : নগাঁও ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ ঘটনাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নগাঁৱৰ ঘটনাত যদি আৰক্ষী দোষী সাব্যস্ত হয় তেন্তে কঠোৰ শাস্তি হোৱাটো নিশ্চিত। মুখ্যমন্ত্ৰীয়ে কয় দোষীয়ে আইনৰ মতে শাস্তি পাব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক নগাঁও ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে৷ সাত দিনৰ ভিতৰত নগাঁও ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে। ঘটনাৰ লগত জড়িত আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। দোষী সাব্যস্ত হ’লে আইন মতে শাস্তি পাব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

ইফালে নগাঁও ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং দেওবাৰে বিয়লি উপস্থিত হয় নগাঁৱত। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং কয় যে আৰক্ষীৰ কোনো বে আইনী কাম সহ্য কৰা নহ’ব। নগাঁৱত উপস্থিত হৈ আৰক্ষী বিষয়া গৰাকীয়ে ঘটনাৰ বুজ লয়। নগাঁৱত জাতীয় সংগঠনৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হয় আৰক্ষী বিষয়া গৰাকী।

নগাঁৱত সংঘটিত হোৱা ছাত্ৰ নেতাক গুলীওৱাৰ ঘটনাৰ আয়ুক্ত পৰ্যায়ৰ তদন্তৰ কথা সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে আৰক্ষী বিষয়া গৰাকীয়ে। ইতিমধ্যেই তদন্ত কমিটি গঠন হোৱা বুলিও উল্লেখ কৰে আৰক্ষী বিষয়া গৰাকীয়ে। উল্লেখ্য যে নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰা ড্ৰাগছৰ বেহাৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰি আৰক্ষীয়ে গুলীওৱাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।