গুৱাহাটী : ৩১ ডিচেম্বৰৰ নিশা মহানগৰীৰ ৰাজপথত নামিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সুৰামত্ত চালকৰ বিৰুদ্ধে নিশা ৰাজপথত নামিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰক্ষী প্ৰশাসনৰ লগত মুখ্যমন্ত্ৰীয়ে সুৰাপান কৰি বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে অভিযান চলায়।

৩১ ডিচেম্বৰৰ নিশা মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাজপথত নিজেই অভিযান চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সুৰাপান কৰি বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে আৰক্ষী প্ৰসাদনে চলোৱা অভিযানৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে সকলোকে সুৰাপান কৰি বাহন চলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

পথ দুর্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুৰাপান কৰি বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে নিশাৰ ভাগত মহানগৰীৰ গণেশগুৰি, চান্দমাৰী, উলুবাৰী আদিৰ লগতে মহানগৰীৰ বিভিন্ন অঞ্চলত আৰক্ষী প্ৰশাসনে সুৰামত্ত চালকৰ বিৰুদ্ধে চলোৱা অভিযানৰ তদাৰক কৰে।