নিউজ ডেস্ক : দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। দ্ৰুত গতিত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে দেশত। ক’ভিডৰ লগতে বৃদ্ধি পাইছে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২২ হাজাৰ ৭৭৫ জন লোক। অ’মিক্ৰণত আক্রান্তৰ সংখ্যা ১ হাজাৰ ৪৩১ জনকৈ বৃদ্ধি পাইছে।

ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ সংক্ৰমণৰ হাৰ দেশত ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। অ’মিক্ৰণৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশত ক’ভিডৰ তৃতীয় ঢৌৰ আশংকা প্ৰকাশ কৰিছে স্বাস্থ্য বিজ্ঞানৰ লগত জড়িত বিশেষজ্ঞ সকলে।অ’মিক্ৰণৰ সংক্ৰমণৰ মাজতে যোৱা ২৪ ঘণ্টাত দেশত ভয়াবহভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ২২ হাজাৰ ৭৭৫ জন লোক। যোৱা ২৪ ঘন্টাত দেশত মৃত্যু হৈছে ৪০৬ জন ক’ভিড ৰোগীৰ। যোৱা ২৪ ঘণ্টাত ২২ হাজাৰ ৭৭৫ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাৰ পিছতে দেশত বৰ্তমনা আক্রান্তৰ সংখ্যা ১ লাখ ৪ হাজাৰ ৭৮১ জনলৈ বৃদ্ধি পাইছে।

ইফালে দেশত ক’ভিডৰ পৰা যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠা লোকৰ সংখ্যা ৮ হাজাৰ ৯৪৯ জন। ক’ভিড লগতে দেশত অ’মিক্ৰণৰ সংক্ৰমণৰ সংখ্যাও বৃদ্ধি পাইছে। দেশত বৰ্তমানলৈকে ১ হাজাৰ ৪৩১ জন লোক অ’মিক্ৰণত আক্রান্ত হৈছে। ইয়াৰে সৰ্বাধিক আক্রান্তৰ সংখ্যা আছে মহাৰাষ্ট্ৰত। ৪৫৪ জন লোক মহাৰাষ্ট্ৰত আৰু ৩৫১জন লোক দিল্লীত অ’মিক্ৰণত আক্রান্ত হৈছে।