জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথ সদৰ আৰক্ষী থনাৰ অভিযানত পুনৰ জব্দ দুখনকৈ অবৈধ অৰুণাচলী সুৰা ভৰ্তি কন্টেইনাৰযুক্ত ট্ৰাক। জব্দকৃত অৰুণাচলী সুৰাখিনিৰ মূল্য ৩০ লাখতকৈও অধিক। অবৈধ অৰুণাচলী সুৰা ব্যবসায়ীৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে বিশ্বনাথ সদৰ আৰক্ষী থানা।

বিগত কিছুদিন ধৰি অবৈধ সুৰা ব্যৱসায়ী সকল অৰুণাচল প্ৰদেশৰ ইটানগৰ, নাহৰলগুণ ইত্যাদি অঞ্চলৰ পৰা অনা অবৈধ সুৰা অসমৰ পথেৰে পাৰ কৰোতে কৌশল সলনি কৰিছে। ট্ৰাকৰ পৰিবর্তে অবৈধ অৰুণাচলী সুৰা ব্যবসায়ীয়ে কিছুদিন ধৰি অসমৰ পথৰে অবৈধ সুৰা পাৰ কৰোতে ব্যবহাৰ কৰিবলৈ ধৰিছে গাড়ী অথবা মটৰ চাইকেল কঢ়িওৱা কন্টেইনাৰযুক্ত ট্ৰাক।

অবৈধ সুৰা ব্যবসায়ীয়ে সকলে কৌশল যিমানেই সলনি নকৰক কিয়! বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীৰ চকুত দি ওলাই যোৱাটো সহজ নহয়। প্ৰতিনিশা ধাৰাবাহিকভাৱে বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ৰ নেতৃত্বত অভিযান চলাই বিশ্বনাথ আৰক্ষীয়ে জব্দ কৰি আছে অবৈধ অৰুণাচলী সুৰা ভৰ্তি কন্টেইনাৰ ট্ৰাক।

পুৱতি নিশা বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে এক গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ সন্মূখত দুখন বৃহৎ সুৰা ভৰ্তি কন্টেইনাৰযুক্ত ট্ৰাক জব্দ কৰে।কন্টেইনাৰযুক্ত ট্ৰাক দুখনত ৩০ লাখতকৈও অধিক মূল্যৰ সুৰা আছে বুলি অনুমান কৰিছে বিশ্বনাথ আৰক্ষীয়ে।