গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে যােৰহাট জিলাৰ নিমাতিঘাটৰ ওচৰত বুধবাৰে সংঘটিত হােৱা নাও দুর্ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু এন ডি আৰ এফ তথা এছ ডি আৰ এফে চলােৱা উদ্ধাৰ কাৰ্যৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে এখন যন্ত্রচালিত নাৱত উঠি প্রায় ৪৫ মিনিট সময় ধৰি উদ্ধাৰ অভিযান পর্যবেক্ষণ কৰে। দুর্ঘটনাস্থলী পৰিদৰ্শনৰ পিছতে সাংবাদিকৰ সৈতে হােৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে নাও দুর্ঘটনা সম্পর্কত যােৰহাট জিলা প্রশাসক এটা ফৌজদাৰী গােচৰ ৰুজু কৰিবলৈ নির্দেশ দিয়া হৈছে। তেওঁ লগতে কয় যে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ তিনিগৰাকী বিষয়াক ইতিমধ্যে নিলম্বিত কৰা হৈছে। ৰাজ্য চৰকাৰে এই দুর্ঘটনা সন্দৰ্ভত এক উচ্চ পর্যায়ৰ তদন্ত কৰিব বুলিও তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে মেৰিন ইঞ্জিন নথকা সকলাে ব্যক্তিগত ফেৰী সেবা বন্ধ কৰা হ’ব। ব্যক্তিগত খণ্ডৰ ফেৰীসমুহৰ গৰাকীসকলে একক ইঞ্জিনক মেৰিন ইঞ্জিনলৈ পৰিৱৰ্তন কৰিব বিচাৰিলে ৭৫ শতাংশ ৰাজ সাহায্যৰে ৰাজ্য চৰকাৰে ১০ লাখ টকাকৈ আগবঢ়াব। তেওঁ লগতে জনায় যে এতিয়াৰে পৰা ৪ খন আভ্যন্তৰীণ জল পৰিবহনৰ ফেৰী কমলাবাৰী আৰু নিমাতিঘাটত চলাচলৰ ব্যৱস্থা কৰা হ’ব আৰু অতিশীঘ্ৰে দুখন ফেৰী মাজুলীলৈ প্ৰেৰণ কৰা হ’ব। এই ফেৰী সেৱাৰ উপৰি দুখন ৰােপেক্সৰ সেৱা কার্যক্ষম কৰা হ’ব। তেওঁ লগতে কয় যে সমগ্র বছৰ জুৰি যাতে ৰােপেক্স সেৱা অব্যাহত ৰাখিব পৰা যায় সেয়া ৰাজ্য চৰকাৰে সুনিশ্চিত কৰিব। কমলাবাৰী আৰু নিমাতিঘাটৰ মাজত এই সেবা অব্যাহত ৰখাৰ বাৰে ব্ৰহ্মপুত্ৰৰ বুকু খনন কৰি এই জলপথছােৱা এই জাহাজ চলাচল কৰাৰ বাবে উপযােগী কৰি ৰখা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে যােৰহাট আৰু মাজুলী জিলাৰ উপায়ুক্তই ফেৰী সেৱাৰ সময়সমূহ পুনৰ নিৰ্দ্ধাৰণ কৰিব। মাজুলী জিলাৰ এগৰাকী আৰু যােৰহাটৰ এগৰাকী দণ্ডাধীশে সময়মতে ফেৰী সেৱা সুনিশ্চিত কৰাৰ দিশটো পর্যবেক্ষণ কৰিব বুলিও তেওঁ কয়। ৰাজ্য চৰকাৰে এই নাওসমূহত কাম কৰা লােকসকলৰ বাবে স্বাস্থ্য পৰীক্ষাৰ বাবে নিৰ্দ্ধাৰিত বিধি-বিধান প্রস্তুত কৰিব।

যােৰহাট আৰু মাজুলী সংযােগী দলং নিৰ্মাণৰ সাম্প্রতিক স্থিতিৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ যাৱতীয় পদক্ষেপ চলি আছে আৰু অহা নৱেম্বৰ মাহৰ পৰা এই দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব। এই দলংখন ৪ বছৰৰ ভিতৰত সম্পূর্ণ হৈ উঠিব বুলি উল্লেখ কৰি তেওঁ কয় যে দলং নিৰ্মাণৰ অগ্রগতি পর্যালােচনাৰ বাবে এক মন্ত্রীগােট গঠন কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে এই দুর্ঘটনাত গুৱাহাটীৰ কাহিলীপাৰাৰ পৰিমিতা দাস নিহত হােৱাত গভীৰ দুখ প্রকাশ কৰে। তেওঁ লগতে কয় যে পৰিমিতা দাসৰ পিতৃ-মাতৃক তেখেতে সাক্ষাৎ কৰিব আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেখেতসকললৈ প্রয়ােজনীয় সকলােধৰণৰ সহায়-সহযােগিতা আগবঢ়োৱা হ’ব। পৰিদৰ্শনৰ সময়ত পৰিবহন মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যােগেন মহন, শক্তিমন্ত্রী বিমল বৰা, সাংসদদ্বয় তপন গগৈ আৰু প্রদান বৰুৱা, বিধায়কসকল ক্রমে হিতেন্দ্র নাথ গােস্বামী, ভৱেন ভৰালী আৰু ৰেণুপমা ৰাজখােৱা, আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত উপস্থিত থাকে। আনহাতে, মুখ্যমন্ত্ৰীয়ে যােৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল পৰিদৰ্শন কৰি নাও দুর্ঘটনাত আঘাতপ্রাপ্ত হােৱা লােকসকলৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ চিকিৎসকলক উন্নত মানৰ চিকিৎসা প্রদান কৰিবলৈও নির্দেশ দিয়ে।

নাও দুর্ঘটনা সংঘটিত হােৱাৰ সময়ত দুর্ঘটনাত পতিত হােৱা যাত্ৰীসকলক উদ্ধাৰ কার্য ক্ষিপ্রতাৰে চলাই বিৰল মানৱীয় দৃষ্টিভংগী আৰু অনন্য সাহস প্রদর্শন কৰা স্থানীয় লােকসকলৰ প্ৰতিও মুখ্যমন্ত্ৰীয়ে বিশেষভাবে কৃতজ্ঞতা প্রকাশ কৰি ধন্যবাদ জ্ঞাপন কৰে।।ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে মাজুলীত উপস্থিত হৈ আছু, টি এম পি কে, এজেৱাইচিপিকে ধৰি অন্যান্য সংগঠনসমূহৰ প্রতিনিধিসমূহৰ সৈতে আলােচনা কৰি তেওঁলােকে উত্থাপন কৰা বিষয়সমূহৰ বুজ লয়। তেওঁ আশ্বাস প্রদান কৰি কয় যে যাত্রীৰ নিৰাপত্তা সুনিশ্চিত কৰা, কমলাবাৰী আৰু নিমাতিঘাটৰ মাজত ফেৰী সেৱা সূচলতৰভাৱে চলাচল সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রয়ােজনীয় ব্যবস্থা গ্রহণ কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে প্রতিখন নাৱত কিমানজন যাত্রী যাব পাৰিব তাক নিৰ্ধাৰিত কৰি দিয়াৰ লগতে এই ক্ষেত্ৰত কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হ’ব। যদি কোনাে নাৱে নিৰ্ধাৰিত সংখ্যাতকৈ অধিক যাত্রী কঢ়িয়াই আনে তেতিয়াহ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ কয়। এই বার্তালাপৰ সময়ত পৰিবহন মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যােগেন মহন, শক্তিমন্ত্রী বিমল বৰা উপস্থিত থাকে।