মাজুলী : মাজুলীবাসী ক্ষোভত জ্বলিছে, প্ৰতিবাদ কৰিছে, পথ অৱৰোধ কৰিছে। আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চলনা কৰিছে। কেইবা শতাধিক মাজুলীবাসী ৰাইজ ওলাই আহি দলং নিৰ্মাণৰ দাবী জনায়। শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পথৰ ওপৰত বহি প্ৰতিবাদ সাব্যস্ত কৰে।

বুধবাৰে নিমাতিঘাটৰ ফেৰী দুর্ঘটনাৰ পিছতে বৃহস্পতিবাৰে পুৱাৰ ভগাৰে পৰা উত্তপ্ত হৈ পৰে নদীদ্বীপ মাজুলী। মাজুলীবাসী ৰাইজে যোৰহাট আৰু মাজুলী সংযোগী দলংৰ দাবীত মাজুলীৰ ৰাজপথ উত্তাল কৰি তোলে। কেইবাশ প্ৰতিবাদকাৰীয়ে মাজুলীৰ গড়মূৰ ৰাজপথত ওলাই আহি এখন দলংৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী বিমল বৰাই মাজুলীৰ জিলা উপায়ুক্ত লগত আলোচনাত মিলিত হৈ থাকৰ সময়তে গড়মূৰৰ ৰাজপথ উত্তাল হৈ পৰে চৰকাৰ বিৰোধী শ্ল’গানেৰে। পৰিস্থিতি অধিক উত্তাল হৈ পৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চলনা কৰে।

আৰক্ষীৰ লাঠী চালনাত কেইবাগৰকী প্ৰতিবাদকাৰী আহত হয়। প্ৰতিবাদকাৰী সকলে মাজুলীৰ জিলা উপায়ুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে অতি শীঘ্ৰে যোৰহাট আৰু মাজুলী সংযোগী দলং নিৰ্মাণৰ দাবী জনায়। ইফালে ক্ষোভিত প্ৰতিবাদকাৰী সকলে মন্ত্ৰী বিমল বৰাক পথৰ ওপৰত বহুৱাই বিভিন্ন প্ৰশ্ন কৰা পৰিলক্ষিত হয়।