জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথ মহকুমা বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত সংঘটিত হৈছে চুৰিকাণ্ড। বৃহস্পতিবাৰে পুৱা দহ বজাত কাৰ্যালয়খনত কৰ্মচাৰী উপস্থিত হোৱাত পোহৰলৈ আহে চুৰিকাণ্ডৰ ঘটনা। মহকুমা উপ-পৰিদৰ্শক কৰুণা কান্ত ভট্টই জনোৱা মতে চুৰে কাৰ্যলয়খনৰ খিৰিকীৰ ৰড কাটি কাৰ্যায়লখনৰ ভিতৰত প্ৰৱেশ কৰি চুৰিকাণ্ড সংঘটিত কৰিছে।

কাৰ্যালয়খনত মজুত আছিল নতুনকৈ অনা আধাৰ কাৰ্ড বনোৱা মেচিন, কম্পিউটাৰ, ফেন আৰু বহু মূল্যবান সামগ্ৰী। কাৰ্যলয়খনৰ পৰা প্ৰায় দহ লক্ষ্য টকাৰ সামগ্ৰী চোৰে লুটি নিয়া বুলি জানিবলৈ দিয়ে উপ-পৰিদৰ্শক গৰাকীয়ে। আনহাতে উপ-পৰিদৰ্শক গৰাকী নিশ্চিত নহয় যে এই চুৰিকাণ্ড বুধবাৰে নিশা সংঘটিত হৈছিল নে মঙলবাৰে নিশা সংঘটিত হৈছিল। বুধবাৰে গুৰুজনাৰ তিৰুভাৱ তিথি থকাৰ বাবে কাৰ্যালয় বন্ধ আছিল আৰু উপ-পৰিদৰ্শক গৰাকী বুধবাৰে কাৰ্যলয়ত উপস্থিত হৈছেল যদিও সামগ্ৰী থকা কোঠাত প্ৰৱেশ কৰা নাছিল।

উপ-পৰিদৰ্শক গৰাকী নিশ্চিত নহয় যে এই চুৰিকাণ্ড বুধবাৰে নিশা নে মঙলবাৰে নিশা সংঘটিত হৈছে। ইতিমধ্যে এই চুৰিকাণ্ড সন্দৰ্ভত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে উপ-পৰিদৰ্শক গৰাকীয়ে।বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।