দক্ষিণ শালমাৰ

৫ জুলাই

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ জোৰডাঙা গাঁৱত যোৱা নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এক পথ দুর্ঘটনা। ধ্ৰুতবেগী পিক আপ ভেন এখনে পথৰ ওপৰত ৰৈ থকা শিশু আৰু মাতৃক খুন্ধা মৰাত শিশুটি মৃত্যু মুখত পৰাৰ লগতে আহত মাতৃক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। জোৰডাঙা গাঁৱৰ মাজত থকা হাটশিঙিমাৰী-মানকাচৰ এইচ-এম পথেৰে গাঁওখনৰ তাহেৰ হুছেইনৰ পত্নী আৰ্মিনা খাতুনে এবছৰী পুত্ৰ আৰিফুল ইছলামক কোলাত লৈ পথ পাৰা হ’বলৈ ধৰাত এমএল-০৮-জি-০৮৩৬ নম্বৰৰ ধ্ৰুতবেগী পিক আপ ভেন এখনে দুয়োক খুন্দা মাৰে।

পিক আপ ভেনৰ খুন্দাত শিশু আৰু মাতৃ পথৰ কাষত ছিটকি পৰি গুৰুত্বৰভাৱে আহত হয়। স্থানীয় ৰাইজে ঘটনাস্থলীত ভীৰ কৰিবলৈ ধৰাত পিক আপ ভেনৰ চালক জন গাড়ী এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কুচনীমাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী বিউটি হালিমা খাতুন নিজৰ গাড়ীৰে আহত মাতৃ-শিশু দুটিক মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও অৱস্থা সংকটজনক হোৱাৰ বাবে চিকিৎসকে দুয়োক গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ দিয়ে। কিন্তু মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰই সময় মতে এম্বুলেন্সৰ ব্যৱস্থা কৰিব নোৱাৰাত প্ৰায় ২ ঘণ্টা পিছত হাটশিঙিমাৰীৰ পৰা এখন এম্বুলেন্স ভাৰা কৰি অনাৰ পিছত আহত শিশু আৰু মাতৃক গুৱাহাটীলৈ নিয়া হয়। গুৱাহাটীত।চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতেই শিশুটি মৃত্যু মুখত পৰা বুলি চিকিৎসাকে ঘোষণা কৰে।

সোমবাৰে পুৱাৰ ভাগত শিশুটিৰ মৃতদেহ ঘটনাস্থলীত অনাৰ পিছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চৰকাৰে স্বাস্থ্য কেন্দ্ৰত এম্বুলেন্সৰ ব্যৱস্থা কৰিছে যদিও গুৱাহাটীলৈ যোৱাৰ ব্যৱস্থা নকৰাক লৈ ৰাইজে উত্তেজিত হৈ পৰে। পিছত গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। ইফালে শিশুটিৰ মৃতদেহ পৰিয়ালৰ লোকে মানকাচৰ আৰক্ষীৰ হাতত চমজাই দিয়াৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে শিশুটিৰ মৃতদেহ গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে দূৰ্ঘটনা সংঘটিত কৰা পিক আপ ভেনখন জব্দ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।