দৰং, সংবাদ ৩৬৫, ২৭ জুলাই : বাল্য বিবাহ আৰু শিশু শ্ৰমিক ৰোধ কৰাৰ উদ্দেশ্যে জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত দৰঙৰ ধুলাত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সমাজ কল্যান বিভাগৰ দৰঙ জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু আশাজ্যোতি চিপাঝাৰৰ সহযোগত ধুলা হাইস্কুল প্ৰাঙ্গনত সজাগতা মূলক সভাৰ আয়োজন কৰা হয়।

অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰা অহা অঙ্গনাৱাদী কৰ্মী/সহায়িকা, আশা কৰ্মী আৰু প্ৰায় দুই শতাধিক কিশোৰীৰ উপস্থিতিত জিলা শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ ৰাজেন চন্দ্ৰ দাস,জিলা শিশু সুৰক্ষা বিষয়া কুৱেন্দ্ৰ ওৱাৰিছা,ছুপাৰভাইজাৰ গীতিমা কলিতাই বাল্য বিবাহ আৰু শিশু সুৰক্ষা সম্পৰ্কে সভাখনত ভাষণ আগবঢ়াই ।

আনহাতে পূব মঙলদৈ আই.চি. ডি. এছ ৰ কাৰ্যালয় সহায়ক বাবুল হাজৰিকাই কয় যে শিক্ষাৰ পোহৰ নপৰা অঞ্চলত একমাত্ৰ দেৱানী প্ৰথাৰ জৰিয়তে অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰিছে । সেয়েহে নাৰী শিক্ষাৰ লগতে শিশু সকলৰ ওপৰত শিক্ষাৰ প্ৰতি গুৰুত্ব দি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায় ।