গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জুলাই : আৰক্ষীৰ হাততে আটক আৰক্ষী । দিছপুৰ আৰক্ষীৰ হাতত আটক হ’বলগা হল দুই আৰক্ষী বিষয়াসহ এজন হোম গাৰ্ড । এগৰাকী মহিলাৰ পৰা ২০ লাখ টকা কাঢ়ি নিয়াৰ অভিযোগ উঠিছে তিনিওৰে বিৰুদ্ধে ।

ইফালে মহিলাগৰাকীৰ বিৰুদ্ধেও উত্থাপিত হৈছে আন এক অভিযোগ । জালনোট সৰবৰাহকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগ উঠিছে মহিলাগৰাকীৰ বিৰুদ্ধে ।

ধৃত আৰক্ষী বিষয়াদুজন ক্ৰমে হাতীগাঁও থানাৰ দুই উপপৰিদৰ্শক, জন পাঠৰি, প্ৰাঞ্জল বৰা আৰু হোমগাৰ্ড বিপুল হাজৰিকা ।

উল্লেখ্য যে তাজ হোটেলৰ সমীপৰ পৰা আৰক্ষীৰ লোককেইজনে কাঢ়ি নিছিল টকাখিনি । মহিলাগৰাকীয়ে ব্যৱহাৰ কৰা ইন’ভা গাড়ীখনো ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে। গাড়ীখনৰ নম্বৰ এ এছ ০৬ আৰ ০৩৩২।

আনহাতে, পলাতক অৱস্থাত আছে ইন’ভা গাড়ীখনৰ চালক । চালকজনৰ ঘৰতে পইছাখিনি লুকুৱাই থোৱাৰ কথা জানিব দিয়ে আৰক্ষী আয়ুক্ত দীপক কুমাৰে। লগতে আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে জনসাধাৰণৰ সুৰক্ষাৰ বাবে আমি আছোঁ । গতিকে এনে কামত লিপ্ত হব নালাগে ।