গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জুলাই : কিমান সুৰক্ষিত নিশাৰ গুৱাহাটী মহানগৰী ? যুৱতীৰ উপৰিও বৰ্তমান যুৱকৰ বাবেও সুৰক্ষিত নহয় মহানগৰী । পুৱতি নিশা পথ এৰি নিদিয়াক লৈয়ে মহানগৰীৰ ছয় মাইলত দাৰে ঘপিয়ালে দুই যুৱকক।

জানিব পৰা অনুসৰি গণেশগুৰিৰ দিশৰ পৰা গৈ আছিল ৭ জনীয়া যুৱকৰ এটা দল। যুৱকৰ দলটোক ইন’ভাত আহি থকা ২ জন যুৱকে পথ এৰি দিবলৈ হৰ্ণ বজাইছিল। হৰ্ণ বজাওঁতেই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে যুৱকৰ দলটোৱে।

আহত যুৱক ক্ৰমে দুজন কৃষ্ণ শৰ্মা আৰু মহিবুল ইছলাম । ইতিমধ্যে ৫ যুৱকক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। ধৃত যুৱককেইজন ক্ৰমে ঋষিৰাজ চেতিয়া, দীপক সিং,অভিশেষ নায়ক, ৰাহুল ডিক’জ, বিসান মুখাৰ্জী ।

ধৃত যুৱককেইজন অৰাভেল ট্ৰেভেলচ প্ৰাইভেট লিমিটেডত কর্মৰত বুলি জানিব পৰা গৈছে ।