জাগীৰোড : জাগীৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য। জাগীৰোড আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ হেৰ’ইন। জালত পেলালে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক। নগাঁৱৰ পৰা জাগীৰোডত হেৰ’ইনখিনি সৰবৰাহ কৰিবলৈ আহিছিল ড্ৰাগছ সৰবৰাহকাৰী তিনিজন।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সাফল্য। জাগীৰোড আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ’ইনসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্ৰায় তিনি কোটি টকা বুলি অনুমান কৰা হৈছে।

জাগীৰোড আৰক্ষীয়ে জানিবলৈ দিয়ে যে এক গোপন খবৰৰ ভিত্তিত জাগীৰোড আৰক্ষীয়ে নাকা চেকিং বহুৱাই ড্ৰাগছ লৈ আহি থকা ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক প্ৰায় ৩০০.৯ গ্ৰাম হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰা হয়। ড্ৰাগছ সৰবৰাহকাৰী তিনিজনে এখন মটৰ চাইকেৰে চাবোনৰ বাকচত হেৰ’ইনখিনি নগাঁৱৰ পৰা মৰিগাঁও লৈ সৰবৰাহ কৰিবলৈ আনিছিল।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী তিনিজনৰ কবলৰ পৰা আৰক্ষীয়ে এখন মটৰ চাইকেলো জব্দ কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী তিনিজন ক্ৰমে জাকিৰ হুছেইন, ছাদ্দাম হুছেইন আৰু ছহিদুল ইছলাম। ড্ৰাগছ সৰবৰাহকাৰী তিনিজন নগাঁও জিলাৰ বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে।