দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত টুমনি শিমলাকান্ধীত বুধবাৰে বিয়লি প্ৰায় ৩ বজাত দুটি কণমানি শিশু ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ দুয়োটি শিশু নদীৰ বুকুত নিখোজ হৈছিল। ইয়াৰ পিছতে স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ অভিযান চলাই এটি শিশুক জীৱন্তে উদ্ধাৰ কৰে যদিও আন এটি শিশুক এতিয়াও ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হৈ আছে।

শিমলাকান্ধী গাঁৱৰ নুৰ ইছলামৰ দুই কনমানি পুত্ৰ ক্ৰমে ৮ বছৰীয়া জাহিৰুল সেখ আৰু ৭ বছৰীয়া ছাইফুল সেখ আন একাংশৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ যায়। গা ধুই থাকোতে হঠাৎ উক্ত ভতৃদ্বয় ব্ৰহ্মপুত্ৰ নদীত নিখোজ হৈ পৰে। লগে লগে এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় যদিও স্থানীয় ৰাইজে কোনোমতে জাহিৰুল শেখক জীৱন্তে নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে ছাইফুল সেখৰ সন্ধানত ৰাইজে বহু সময় ধৰি অভিযান চলায় যদিও ছাইফুল সেখক উদ্ধাৰ কৰিবলৈ সক্ষম নহয়।

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে দক্ষিণ শালমাৰা থানাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও সন্ধিয়া ৭ বজালৈ ছাইফুল সেখক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। ইফালে উদ্ধাৰ হোৱা জাহিৰুল সেখৰ অৱস্থা সংকটজনক হোৱাত জাহিৰুল সেখক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।