কলাইগাঁও, সংবাদ ৩৬৫, ৯ জুলাই : অৱশেষত আৰক্ষীৰ জালত পৰিল তান্ত্ৰীক ৰমেশ চহৰীয়া। সোমবাৰে দৰং আৰক্ষীয়ে দৰঙৰ কুৰুৱাৰ পৰা তান্ত্ৰীক ৰমেশ চহৰীয়াক গ্ৰেপ্তাৰ কৰে। কলাইগাঁৱৰ কুলশীপাৰত মানৱ সমাজক আচঁম্ভিত কৰা ঘটনা সংঘটিত হোৱাৰ আঁৰত আছিল তান্ত্ৰীক ৰমেশ চহৰীয়াৰ প্ৰৰোচনা। কলাইগাঁৱৰ ঘটনা সংঘটিত হোৱা পিছতে তান্ত্ৰীক ৰমেশ চহৰীয়াৰ বিৰুদ্ধে কলাইগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি, ৪১৭, ৪২০, ২৯৪, ৩৫৩, ৩৫৪, ৫০৬, ৩০৭ ধাৰাৰ অধীনত ৰুজু কৰিছিল নিজা ববীয়াকৈ এক গোচৰ। ঘটনাৰ পিছৰে পৰা তান্ত্ৰীক ৰমেশ চহৰীয়া পলাতাক আছিল যদিও সোমবাৰে দৰং আৰক্ষীয়ে কুৰুৱাৰ পৰা তান্ত্ৰীক ৰমেশ চহৰীয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ভণ্ড তান্ত্ৰীক ৰমেশ চহৰীয়াৰ প্ৰৰোচনাত পৰি শনিবাৰে ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কুলশীপাৰত মানৱ সমাজক আচম্বিত কৰা এক ঘটনা সংঘটিত হৈছিল। অন্ধবিশ্বাসৰ বলি হৈ একেটা পৰিয়ালৰ সকলো সদস্যই উলংগ হৈ এটি শিশু বলি দিয়াৰ অৰ্থে পূজা কৰিছিল। পেছাত বিজ্ঞান বিষয়ৰ শিক্ষক যাদৱ চহৰীয়া নামৰ ব্যক্তি গৰাকীৰ লগতে পৰিয়ালৰ লোকসকলে সংঘটিত কৰিছিল এই ঘটনা। যাদৱ চহৰীয়াৰ এগৰাকী কন্যাই কিছুবছৰ পূৰ্বে ভাড়া ঘৰত আত্মহত্যা কৰিছিল। যাৰ বাবে ৰমেশ চহৰীয়া নামৰ তান্ত্ৰিকে নিজ ঘৰত উলংগ হৈ পূজা কৰি এটা শিশুৰ বলিৰ বিধান দিছিল। সেয়ে শনিবাৰে শিক্ষক যাদৱ চহৰীয়াৰ ঘৰত আয়োজন কৰিছিল এক পূজাৰ। পূজাৰ নিয়ম অনুসৰি পুৰুষ-মহিলা সকলোৱে উলংগ হৈ ঘৰৰ ভিতৰতে কৰিছিল আৰাধনা। পৰিস্থিতিয়ে ইমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল যে, অন্ধবিশ্বাসে গ্ৰাস কৰা পৰিয়ালটিয়ে উলংগ হৈ নিজৰে বাসগৃহত অগ্নি সংযোগ কৰাৰ ওপৰিও ব্যক্তিগত যান-বাহন, আজবাব আদি লণ্ড-ভণ্ড কৰিছিল। ৰাইজক জধে-মধে শিল গুটি নিক্ষেপ কৰাৰ ওপৰিও দা, কুঠাৰ আদি লৈ আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল পৰিয়ালটোৰ লোকসকল। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলী চালনা কৰিব লগাত পৰিছিল। আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল ৩জনকৈ লোক।

আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা যাদৱ চহৰীয়াৰ পুত্ৰ পুলকেশ চহৰীয়াৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেওবাৰে মৃত্যু হৈছিল।