অনলাইন ডেস্ক সংবাদ ৩৬৫, ৯ আগষ্টঃ প্ৰৱল ভূমিকম্পই জোকাৰি গ’ল চীনক৷ চীনৰ দক্ষিণ-পশ্চিম সিন্ধুৱা অঞ্চলত হোৱা ৬.৫ প্ৰাৱল্যৰ ভূমিকম্পই বিস্তৰ ক্ষতি কৰে৷ এই ভূমিকম্পত শতাধিক লোক নিহত হোৱাৰ লগতে সহস্ৰাধিক লোক আহত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে৷ চীনৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান সিহ্নুৱাৰ মতে ভূমিকম্পত সাত জন লোক নিহত হোৱাৰ লগতে ৮৮ জন লোক আহত হয়৷ আহতসকলৰ ভিতৰত ২১ জনৰ অৱস্থা সংকটজনক৷ আনহাতে নিহতসকলৰ ভিতৰত পাঁচজন পৰ্যটক আছিল৷ চীনৰ নেছনেল কমিছন ফ’ৰ ডিজাষ্টাৰ ৰিডাকছনে ভূমিকম্পত কমেও ১০০ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ১৩ হাজাৰ ঘৰ বিধ্বস্ত হোৱাৰ আশংকা ব্যক্ত কৰিছে৷ সংস্থাটোৱে ২০১০ চনৰ জনসংখ্যা আৰু অঞ্চলটোৰ জনবসতিৰ ওপৰত ভিত্তিত নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে৷ আমেৰিকাৰ জিঅ’লজিকেল ছাৰ্ভেৰ মতে ভূমিকম্পটো কেন্দ্ৰস্থল প্ৰান্তীয় ৰাজধানী ছেগদুৰ ৩০০ কিল’মিটাৰ উত্তৰে মাটিৰ পৰা ১০ কিল’মিটাৰ তলত হৈছিল৷ ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ১.২০ ভূমিকম্প আহিছিল৷ উল্লেখ্য যে, চীনত হোৱা ভূমিকম্প স্থলীত ২০০৮ চনত ৮.০ প্ৰাৱল্যৰ বৃহৎ ভূমিকম্পটো হৈছিল, য’ত ৮৭ হাজাৰ লোক নিহত আৰু সন্ধানহীন হৈছিল৷ এজন স্থানীয় লোকৰ অনুসৰি এই ভূমিকম্পৰ জোকাৰণিৰ তীব্ৰতা ২০০৮ ৰ ভূমিকম্পতকৈ বেছি আছিল৷ ভূমিকম্পৰ কেন্দ্ৰস্থলৰ ওচৰতে পৰ্য্যটকৰ মাজত জনপ্ৰিয় এখন নেছনেল পাৰ্ক আছিল৷ যাৰ কাৰণে ভূমিকম্পত নিহত বা আহত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে৷      ৷