গুৱাহাটী, ৯ আগষ্টঃ ৰাজ্য চৰকাৰে এককালীন ক্রীড়া পেঞ্চনৰ হিতাধিকাৰীৰ সংখ্যা পূৰ্বৰ প্ৰতি বছৰৰ ২০গৰাকীৰ পৰা ৪০ গৰাকীলৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে। জনতা ভৱনত মুখ্যমন্ত্রীৰ সভাকক্ষত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত ক্রীড়া পেঞ্চনৰ জাননীকৃত কমিটীৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। উল্লেখ্য যে ৰাজ্যখনৰ ক্ৰীড়াৰ বিকাশ আৰু ক্রীড়াবিদ সকলে আগবঢ়োৱা অৱদানৰ স্বীকৃতিকল্পে ৰাজ্য চৰকাৰে ৪০ গৰাকী ক্রীড়াবিদলৈ মাহে ৮,০০০ টকাৰ ক্রীড়া পেঞ্চন প্ৰদানৰ উপৰি প্ৰতিবছৰে ২০গৰাকী ক্রীড়াবিদলৈ ৫০ হাজাৰ টকাৰ এককালীন পেঞ্চন আগবঢ়াই আহিছে। ভৱিষ্যতে ইয়াৰ সংখ্যা অধিক বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ হাতত লোৱাৰ কথাও ঘোষণা কৰে৷ যাতে ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰলৈ সুনাম কঢ়িওৱা ক্রীড়াবিদসকলৰ আৰ্থিক দিশত কিছু হ’লেও সকাহ লাভ কৰে৷ বৈঠকত মুখ্যমন্ত্রীয়ে গুৱাহাটীক ক্রীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায়-সহযোগ আগবঢ়োৱাৰ বাবেও সংশ্লিষ্ট বিভাগক আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰাজ্যখনৰ কমেও ৫০০ খন ফুটবলৰ খেলপথাৰক একে সময়তে খেল অনুষ্ঠিত কৰিব পৰাকৈ আধুনিক ৰূপ দিয়াৰ বাবে প্ৰয়াস চলোৱা  হৈছে৷ এই খেলপথাৰ সমূহে ৰাজ্যখনৰ যুৱ শক্তিক ইতিবাচক দিশত আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব বুলি মুখ্যমন্ত্রীয়ে আশা ব্যক্ত কৰে৷ বৈঠকত ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী নৱ কুমাৰ দলে, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, দক্ষতা উন্নয়ন আৰু উদ্যামিতা বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহােত্রী, জ্যেষ্ঠ ক্রীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ লগতে জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।