বাঘবৰ, ৯ আগষ্টঃ বৰপেটাৰ বাঘবৰৰ মন্দিয়া উন্নয়ণ খণ্ড কাৰ্যালয়ৰ সন্মুখত মন্দিয়া আঞ্চলিক কৃষক সভাৰ উদ্যোগত প্ৰতিবাদী ধৰ্ণা  কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীয়ে  অভিযোগ কৰা মতে,  মন্দিয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত প্ৰায়বোৰ গাঁও পঞ্চায়তত বৃদ্ধ পেঞ্চনৰ  তালিকা প্ৰস্তুতৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম  সংগঠিত হৈছে৷  গাঁও পঞ্চায়তৰ সভাপতি, সচিবে নিজৰ ইচ্ছা মতে বৃদ্ধ পেঞ্চনৰ  তালিকা প্ৰস্তুত কৰি প্ৰকৃত বৃদ্ধ,  বিধৱাক বঞ্চিত কৰিছে। প্ৰতিবাদকাৰীসকলে প্ৰকৃত বঞ্চিত বৃদ্ধ আৰু বিধৱাক  পেঞ্চনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই মন্দিয়া উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে  মুখ্যমন্ত্ৰী সৰ্বান্দ সোণোৱাললৈ এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷