গুৱাহাটী, সংবাদ ৩৬৫, ৮ আগষ্ট : খাদ্য উদ্যোগৰ ক্ষেত্ৰখনত ১৯ বছৰীয়া অভিজ্ঞতাৰে পৰিপুষ্ট অভিষেক সৰাউগী “ঔমজী কেটাৰিং”ৰ স্বত্বাধিকাৰী তথা সঞ্জয় পোড্ডাৰ হ’ল এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী। এই দুয়োগৰাকী বন্ধুৰ যৌথ প্ৰচেষ্টাত গুৱাহাটীবাসীয়ে সোৱাদ ল’ব পাৰিব ইণ্ডিয়ান ষ্ট্ৰীট ফুডৰ । এই বন্ধুদ্বয়ৰে ৰন্ধন-প্ৰকৰণৰ ক্ষেত্ৰত উৎসাহ আৰু পূৰ্ণতাৰ এক যাত্ৰা চাটকাৰা ।

চাটকাৰাত ভাৰতীয় চাটসমূহৰ বিশেষত্বৰে পৰিপূৰ্ণ চাট খাদ্য সম্ভাৰ উপভোগ কৰিবলৈ পোৱা যাব । যিবোৰ কলকাতা, দিল্লী,পাঞ্জাৱ,মেৰট, বাৰণসী আৰু মুম্বাই আদি স্থানত উপলব্ধ। চাটকাৰাত ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ প্ৰতিভাসম্পন্ন চেফ তথা এই বৃত্তিৰ লগত জড়িত ব্যক্তিৰ এটা দলে গ্ৰাহকৰ সেৱাৰ বাবে প্ৰস্তুত হৈ আছে ।

চাটকাৰীৰ মতে গুৱাহাটীবাসী চাটৰ সোৱাদ লোৱাত যথেষ্ঠ পাৰ্গত। সেয়ে গুৱাহাটী মহানগৰীৰ জি এছ ৰোডৰ চিটী চেণ্টাৰ মলৰ ফুড কোৰ্টত এটা চাটকাৰাৰ কাউণ্টাৰ খোলা হৈছে । এই আউটলেটটো বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয় ।

চাটকাৰাৰ নতুন আউটলেটত ভাৰতবৰ্ষৰ বিখ্যাত ষ্ট্ৰীট ফুডৰ বিভিন্ন প্ৰকাৰ একে স্থানতে উপলব্ধ কৰোৱা হ’ব।