ৰঙিয়া : ৰঙিয়াৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত লংকাকাণ্ড। গ্ৰাহক আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মাজত প্ৰচণ্ড মাৰপিট। চি চি টিভি কেমেৰাত বন্দী মাৰপিটৰ সমগ্ৰ দৃশ্য। ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

ৰঙিয়াত বিদ্যুৎ বিভাগৰ ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত গ্ৰাহক আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মাজত এক প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। চৰকাৰে যোগান ধৰা মুখ্যমন্ত্ৰী আকাশদীপ যোজনাৰ বাল্ব লাভ নকৰাত বিদ্যুৎ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মহচেন আলীক প্ৰহাৰ কৰে গ্ৰাহকে।

গ্ৰাহকৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত হৈছে বিদ্যুৎ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মহচেন আলী। চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা বাল্ব নিবলৈ আহিছিল এজন গ্ৰাহক। কিন্তু কাৰ্যালয়ৰ সময় উকলি যোৱাত গ্ৰাহকজনক কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হৈছিল। ইয়াতে ক্ষোভিত হৈ উঠিছিল গ্ৰাহকজন।

খঙত অগ্নিশৰ্মা হৈ গ্ৰাহকজনে প্ৰহাৰ কৰিছিল বিদ্যুৎ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মহচেন আলীক। ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত। বিদ্যুৎ বিভাগৰ কৰ্মচাৰীজনক প্ৰহাৰ কৰা ৰঙিয়াৰ দহৰাৰ ৰমেশ কলিতা নামৰ গ্ৰাহকজনক আটক কৰি ৰঙিয়া আৰক্ষীক গতাই দিয়া হয়।