আজিজ আলী
মুকালমুৱা : বহ্মপুত্ৰ নদীৰ চাপৰিত কৰা খেতিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘৰ্ষ। মুকালমুৱাৰ চান্দাত বহ্মপুত্ৰ নদীৰ চাপৰিত কৰা খেতি কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত তুমুল সংঘৰ্ষ। যাঠি, জোং লৈ হোৱা এই আক্ৰমণৰ ফলত দুয়ো ফৈদৰ কেইবাজনো লোক আহত।

নলবাৰী জিলাৰ মুকালমুৱাৰ চান্দাত বহ্মপুত্ৰ নদীৰ চাপৰিত কৰা খেতিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয়। ব্ৰহ্মপুত্ৰ নদীৰ বালি চৰত কৰা খেতিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনাত কেইবাজনো লোক আহত হয়। মুকালমুৱাৰ চান্দা গাঁৱৰ পৰেশ হালৈ নামৰ এজন লোকে চৰ-চাপৰিৰ এডোখৰ ভূমিত কৰা মাহ খেতিক লৈ সংঘটিত হয় এই মাৰ পিটৰত ঘটনা।

পৰেশ হালৈৰ খেতি বলপূৰ্বকভাৱে একাংশ লোকে দখলৰ অভিযোগ চান্দা গাঁৱৰ ৰাইজৰ। ইপিনে কালাড দিয়া গাঁওবাসীৰ অভিযোগ সেই মাটি তেওঁলোকৰ। পিছে খেতি ডৰাক লৈ প্ৰথমে দুয়ো ফৈদৰ মাজত হয় তৰ্ক লাগে তাৰ পিছতে যাঠি, জোং লৈ সংঘটিত হয় আক্ৰমণ প্ৰত্যাক্ৰমনৰ ঘটনা। এই আক্ৰমণ প্ৰত্যাক্ৰমনৰ ঘটনাত দুয়ো ফৈদৰ মুঠ পাঁচজন লোক আহত হয়।

এই মাৰপিটৰ ঘটনাত গুৰুত্বৰভৱে আহত হৈছে কেইজনমান লোক। অহাত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত নলবাৰী আৰক্ষী অধীক্ষক আৰু মুকালমুৱা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।