গুৱাহাটী : অসমলৈ অহা পৰ্যটক সকলৰ বাবে ভাল খবৰ। অসম ভ্ৰমণলৈ অহা পৰ্যটক সকলৰ বাবে দীপৰ বিলত নিৰ্মাণ কৰা হব হাউচ ব’টৰ। কাশ্মীৰৰ ঐতিহাসিক ডাল লে’কৰ হাউচ ব’ট এইবাৰ উপলব্ধ হ’ব দীপৰ বিলত। ১০০ টা হাউচ ব’ট ওপঙি ফুৰিব দীপৰ বিলৰ বুকুত।

প্ৰদূষণ আৰু বেদখলকাৰীক কবলত পৰি অস্তিত্ব সংকটত পৰা দীপৰ বিললৈ অৱশেষত আহিল ভাল খবৰ। দীপৰ বিল সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। অসমৰ একমাত্ৰ ৰামছাৰ ছাইট দীপৰ বিল সংৰক্ষণ কৰি এক আকৰ্ষণীয় পৰ্যটকস্থল গঢ় দিবলৈ আগবাঢ়ি আহিছে চৰকাৰ।

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনা পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰত পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই কয় যে ১০ দিনৰ ভিতৰত দীপৰ বিলত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান। মন্ত্ৰী গৰাকীয়ে ৰাজহ বিভাগক দীপৰ বিলৰ অবৈধ বেদখল সন্দৰ্ভত ১০ দিনৰ ভিতৰত এক প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়ে।

দীপৰ বিলৰ ভূমি বেদখল মুক্ত কৰি দীপৰ বিল সংৰক্ষণ কৰাৰ লগতে দীপৰ বিলক এক আকৰ্ষণীয় পৰ্যটকস্থল হিচাপে গঢ় দিয়াৰ পৰিকল্পনা চৰকাৰৰ। ইতিমধ্যে দীপৰ বিলৰ উন্নয়ন বাবে কামৰূপ মহানগৰ উপযুক্তই আবন্টন দিছে ১৯ বিঘা ১ কঠা ভূমি। বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী চৰাইৰ বিচৰণস্থলী দীপৰ বিল পক্ষী অভয়াৰণ্যত ৱাটচ টাৱাৰো নিৰ্মাণ কৰিব পৰ্যটন বিভাগে।

অসমৰ একমাত্ৰ ৰামছাৰ ছাইটখন যতে অধিক পৰ্যটকক আকৰ্ষণ কৰিব পাৰে ইয়াৰ বাবে দীপৰ বিলৰ বুকুত হাউচ ব’ট ব্যৱস্থা কৰিব চৰকাৰে। কাশ্মীৰৰ ডাল লে’কৰ হাউচ ব’টৰ আৰ্হিত দীপৰ বিলত হাউচ ব’ট নিৰ্মাণ কৰিলে পৰ্যটক আকৰ্ষিত হোৱাৰ লগতে স্থানীয় বহু নিবনুৱাৰ বাবে কৰ্মসংস্থাপৰ বাট মুকলি হোৱাৰ সম্ভাৱনা আছে।