গুৱাহাটী : কংগ্ৰেছ দলৰ অনা এগৰাকী বিধায়কে আঘাত হানিলে দলটোক। কংগ্ৰেছ দলৰ বিধায়ক হৈ বিজেপিৰ পক্ষত থাকিব কংগ্ৰেছৰ এগৰাকী বিধায়ক। বিজেপিৰ পক্ষত থকাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গামোচা পিন্ধাই আদৰণি জনালে কংগ্ৰেছৰ বিধায়ক গৰাকীক।

ৰহা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাস বিজেপিৰ পক্ষত থাকিব। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেলযোগে জানিবলৈ দিয়ে যে ৰহা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাস বিজেপি দলৰ পক্ষত থাকিব। শশীকান্ত দাসে কংগ্ৰেছ দল ত্যাগ কৰা নাই, তেওঁ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ লগত থাকি কাম কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

চৰকাৰে ৰহা সমষ্টিৰ উন্নয়ৰ বাবে বিধায়ক গৰাকীক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক গৰাকীক গামোচা পিন্ধাই আদৰণি জনায়। শশীকান্ত দাসে সমষ্টিৰ উন্নয়ৰ স্বাৰ্থতে তেঁওক সাক্ষাৎ কৰিছে আৰু চৰকাৰৰ পক্ষত থাকি কাম কৰিব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইফালে ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসে কয় যে তেওঁ কংগ্ৰেছ দলৰ বিধায়ক হিচাপে চৰকাৰৰ পক্ষত থাকি সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰি যাব। কংগ্ৰেছ দল ত্যাগ কৰাৰ প্ৰসংগ এতিয়াও অহা নাই বুলিও কয় বিধায়ক শশীকান্ত দাসে। সমষ্টিৰ উন্নয়নৰ বাবে তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁৰ সকলো কথাক গুৰুত্বসহকাৰে লৈছে বুলিও জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে।

উল্লেখ্য যে ইতিমধ্যে কংগ্ৰেছ দলৰ দুগৰাকী বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰিছে। মৰিয়নিৰ কংগ্ৰেছ দলৰ বিধায়ক ৰূপ জ্যোতি কুৰ্মী আৰু থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে কংগ্ৰেছ দল ত্যাগ কৰি উপ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে পুনৰ নিৰ্বাচিত হৈ আহিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাস কংগ্ৰেছ এৰি বিজেপি শিবিৰত যোগদান কৰিব নেকি?