নতুন দিল্লী, ১৬ মেঃ ৰেনছমৱেৰ ‘ৱান্নাক্রাই’ ভাইৰাছৰ আতংকত ক্ৰস্তমান ভাৰতীয় ৰিজাৰ্ভ বেংক৷ চাইবাৰ অপৰাধীয়ে ৰেনছমৱেৰ ৱান্নাক্রাই ভাইৰাছেৰে বিশ্বৰ ১৫০ তকৈও অধিক দেশত কম্পিউটাৰ নেটৱৰ্ক ব্যৱস্থাত ব্যাঘাত জন্মোৱাত ভাৰতীয় ৰিজাৰ্ভ বেংকে এ টি এমৰ ছফটৱেৰ সলনি কৰিবলৈ নির্দেশনা জাৰি কৰিছে। এ টি এমৰ ছফটৱেৰ সলনি কৰি ভাইৰাছবিধৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বেংকসমূহক চৰকাৰী সংস্থা ইণ্ডিয়ান কম্পিউটাৰ ইমার্জেন্সী ৰেছপনছটামৰ (চি ই আৰ টি-ইন) নীতি-নিৰ্দেশনা অনুকৰণ কৰিবলৈও আৰ বি আয়ে নির্দেশ দিছে। বিগত বৰ্ষত ভাইৰাছ আক্ৰমণৰ বাবে দেশৰ বিভিন্ন বেংকে ৩.২ লাখ ডেবিট কার্ড সলনি কৰিবলগীয়া হোৱাৰ পাছত পুনৰ ৰেনছমৱেৰ বান্নাক্রাই ভাইৰাছৰ শংকা আহি পৰাত ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক শীঘ্ৰে এ টি এমৰ ছফটৱেৰ সলনি কৰাৰ প্রক্রিয়া আৰম্ভ কৰাৰ নির্দেশ দিছে। প্ৰসংগক্ৰমে উনুকিয়াব পাৰি যে ভাৰতৰ অধিকাংশ এ টি এমেই পুৰণি মাইক্ৰ’ছফট উইণ্ড’জ অপাৰেটিং ছিষ্টেমৰ জৰিয়তে পৰিচালিত হৈ থকা বাবেই অনায়াসে চাইবাৰ অপৰাধীৰ আক্ৰমণত পৰাৰ সম্ভাৱনা থাকে। কিয়নো পুৰণি অপাৰেটিং ছিষ্টেমত ভাইৰাছে সহজে আক্রমণ কৰিব পাৰে। উইণ্ড’ছ এক্স পিৰ জৰিয়তে দেশত মুঠ ২.২ লাখ এ টি এম পৰিচালিত হৈ আছে। বিশ্বজুৰি বেংক, চিকিৎসা আদি ক্ষেত্ৰত চাইবাৰ অপৰাধীয়ে ৰেনছমৱেৰ ৱান্নাক্ৰাই ভাইৰাছেৰে যোৱা শুকুৰবাৰৰ পৰা ৱেবছাইট হেক কৰা প্রক্রিয়া আৰম্ভ কৰি এতিয়ালৈকে ডেৰ শতকৈও অধিক দেশত আঢ়ৈ লাখতকৈও অধিক কম্পিউটাৰৰ ব্যৱস্থাত ব্যাঘাত জন্মাইছে। শনিবাৰে ভাৰতৰ অন্ধপ্ৰদেশৰ আৰক্ষীয়ে কম্পিউটাৰ ব্যৱস্থাত ৰেনছমৱেৰ ৱান্নাক্রাই ভাইৰাছে আক্রান্ত কৰাৰ পাছত আজি পশ্চিমবংগৰ ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানীৰ কম্পিউটাৰ ব্যৱস্থাতো ব্যাহত সৃষ্টি কৰিছে। তথ্য মতে, পশ্চিম মেদনীপুৰৰ বিদ্যুৎ বিতৰণ কোম্পানীৰ শাখাৰ বেলডা, ডাটান, নাৰায়ণগড় আৰু কেছিয়াৰী খণ্ডত কম্পিউটাৰ ব্যৱস্থা ক্ষতিগ্রস্ত হৈছে। ইপিনে আমেৰিকা যুক্তৰাষ্ট্র, গ্রেট ব্রিটেইন, ফ্রান্স, ৰাছিয়া, স্পেইনকে ধৰি ডেৰ শতকৈ অধিক দেশত ৰেনছমৱেৰ ৱান্নাক্ৰাই ভাইৰাছেৰে কম্পিউটাৰ ব্যৱস্থাত চাইবাৰ অপৰাধীয়ে হাহাকাৰ পৰিৱেশ সৃষ্টি কৰাৰ আঁৰত মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাৰ দ্বাৰা সৃষ্টি কৰা ইন্টাৰনেল ব্ল হেকিং ৱে’পন’ নামৰ ভাইৰাছ অপৰাধীয়ে ব্যৱহাৰ কৰা বুলি সংবাদ মাধ্যমত চর্চিত হৈছে। আনহাতে চাইবাৰ অপৰাধীৰ কবলত পৰাৰ শংকাত অসমতো ঠায়ে ঠায়ে এ টি এমসমূহ বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে। শেহতীয়া বাতৰি মতে ৰাজধানী মহানগৰী গুৱাহাটীৰ কেইবাটাও এ টি এম বন্ধ কৰি দিয়াৰ বাতৰি পোৱা গৈছে।