গুৱাহাটী, ১৬ মেঃ জনগোষ্ঠীয় লোক কৃষ্টি সমাৰোহ অসমৰ উদ্যোগত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত জননেতা ভীমবৰ দেউৰীৰ ১১৪ তম জন্ম বাৰ্ষিকী উদযাপন কৰা হয়৷ সমাৰোহৰ কাৰ্যসূচী অনুসৰি ১১ বজাত ড০ শিলচন্দ্ৰ দেউৰীয়ে স্মৃতি তৰ্পনৰ পিছত ইন্দিবৰ দেউৰীয়ে সভাৰ সঞ্চালকৰ আৰু বিপুল দেউৰী আৰু ড০ ষড়ানন দেউৰীয়ে পৰ্যবেক্ষকৰ আসন গ্ৰহণ কৰে৷ ইয়াৰ পিছতে জননেতা ভীমবৰ দেউৰীৰ কৰ্মৰাজি, জীৱন দৰ্শন আৰু ইয়াৰ বৰ্তমান প্ৰাসংগিকতাৰ শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়৷ আলোচনা চক্ৰত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো, সাহিত্যিক ডা০ অনিল ভৰালী, জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, জনগোষ্ঠীয় লোক কৃষ্টি সমাৰোহ সভাপতি প্ৰফুল্ল হাফিলাই জননেতা জীৱন দৰ্শন ভিত্তিক বক্তব্য আগবঢ়ায়৷ জনগোষ্ঠীয় লোক কৃষ্টি সমাৰোহত জননেতা ভীমবৰ দেউৰীৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে সৰ্বসন্মতি ক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সভাৰ প্ৰস্তাৱমৰ্মে জননেতা গৰাকীৰ নামত অসমৰ সৰু-বৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ লোক-কলা-কৃষ্টি সংৰক্ষণ, বিকাশ, প্ৰচাৰ, প্ৰসাৰ আৰু গবেষণাৰ বাবে গুৱাহাটীত জনগোষ্ঠীয় লোক-কলা-কৃষ্টিৰ বিকাশ আৰু গবেষণাৰ কেন্দ্ৰ স্থাপন কৰা, জননেতা আদৰ্শৰে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী সমূহৰ সামূহিক উন্নয়ন তথা অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ট্ৰাইবেল ব্লক এণ্ড বেল্ট সমূহ বেদখল মুক্ত কৰা আৰু জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসম ভূমিত প্ৰকৃত খিলঞ্জীয়াসকলৰ বাবে ভূমি আৰু ৰাজনৈতিক অধিকাৰ ১০০ শতাংশ নিশ্চিত কৰা আৰু সকলো বিদ্যালয়ৰ পাঠ্যক্ৰমত ভীমবৰ দেউৰীৰ জীৱনী অন্তৰ্ভূক্ত কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইয়াৰ লগতে আগন্তুক গণতন্ত্ৰ দিৱসত জননেতা ভীমবৰ দেউৰীক ভাৰত ৰত্ন প্ৰদানৰ লগতে ভীমবৰ দেউৰীৰ জীৱন ভিত্তিক তথ্য চিত্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰক আহ্বান জনোৱা হয়৷