সোণতলী, ৩ মে : পাপ কৰিলে প্ৰায়চিত্ত ভূগিবই লাগিব, আইনৰ উৰ্ধত কোনেও নহয়৷ গাঁৱৰ মাতাব্বৰতো দূৰৈৰ কথা-ৰজা, মহাৰজা, জমিদাৰ, মন্ত্ৰী কিম্বা বিধায়ক, আইনৰ আওতাৰপৰা হাৰি যোৱা নাই আইন ৰক্ষকো৷ মঙলবাৰে বকো থানাৰ অ’চি ঘোচ লোৱাৰ অপৰাধত আৰক্ষীৰ হাতত গ্ৰেফতাৰ হোৱাৰ পিছতেই এটি হত্যাকাণ্ডৰ ঘটনাই সৃষ্টি কৰিছে ব্যপক প্ৰতিক্ৰিয়াৰ৷ এগৰাকী শিক্ষিত নৱবিবাহিতাই আত্মহত্যা কৰাৰ ঘটনাই লৈছে অন্য মোৰ৷ কিয়োনো বিবাহিতা জীয়ৰীৰ মাতৃয়ে কালি আৰক্ষী থানাত তৰিলে এটি হত্যাৰ গোচৰ৷ গোচৰত সাঙুৰ খালে গাঁওবুঢ়াসহ একাংশ দেৱানী মাতাব্বৰৰ নাম৷ এই ঘটনা সংঘটি হৈছে দক্ষিণ কামৰূপৰ সোণতলীত৷ বিগত এবছৰ পুৰ্বে সোণতলীৰ নতুন কাঠমি গাঁৱৰ এই গৰাকী শিক্ষিতা মহিলা স্বাহিনা পাৰবিনৰ বিয়া হৈছিল নিম্বুৰটাৰী গাঁৱৰ স্বহিদুল ইছলামৰ লগত৷ কিন্তু সেইয়া আছিল খন্তেকীয়া৷ বিয়াৰ কিছুদিন পাৰ হোৱাৰ পিছৰে পৰাই স্বাহিনাই সহিবলগা হৈছিল স্বামী ঘৰৰ অকথ্য নিৰ্যাতন৷ নিৰ্যাতনত হয়তো উৰি গৈছিল স্বাহিনাৰ স্বাহিনাৰ প্ৰাণ বায়ু৷ স্বাহীনাই চিপলৈ আত্মহত্যাৰ ৰূপ দিলে স্বামী ঘৰৰ পৰিয়ালে৷ স্বামীঘৰৰ পৰিয়ালে সহজেই গাঁওবুঢ়া আৰু স্থানীয় একাংশ মাতাব্বৰৰ সহযোগত পুলিচক খবৰ নিদিয়াকৈ কৱৰস্থ কৰি থলে৷ কিন্তু স্বাহিনাৰ মাতৃৰ অন্তৰত খুলি খুলি খাইছিল জীয়ৰীৰ অস্বাভাবিক আত্মহত্যাৰ ঘটনাক৷ স্বাহীনাৰ মৃত্যুৰ আৰৈ মাহ অতিক্ৰম কৰাৰ পিছত কালি স্বাহীনাক হত্যা কৰা বুলি বকো আৰক্ষী থানাত মাতৃয়ে গাওবুঢ়াসহ ৬ জনৰ বিৰুদ্ধে তৰিলে হত্যাৰ গোচৰ৷ আৰক্ষীয়ে স্বাহীনাৰ স্বামী স্বহিদুল ইছলাম, শহুৰ ওমৰ আলী, মাতাব্বৰ ৰফিকুল ইছলাম, মহুৰ উদ্দিন, মজিদ আলী আৰু নিম্বুৰটাৰী গাঁৱৰ গাঁওবুঢ়া আবুস্বামাৰ বিৰুদ্ধে ৰুজু কৰিলে ১৯৪/১৭ নম্বৰত হত্যাৰ গোচৰ৷ ভাৰতীয় দণ্ডবিধিৰ অধীনত ৩০২/২০১ ধাৰা অনুযায়ী সোণতলী আৰক্ষীয়ে কবৰস্থ কৰা স্বাহীনাৰ মৃতদেহ কবৰ খান্দি উঠাই মৰোনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচ লৈ পঠোৱাৰ যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে৷