গুৱাহাটী : অসম চৰকাৰে চিপাঝাৰৰ গৰুখুটী ধলপুৰত চলোৱা উচ্ছেদ অভিযানত আৰক্ষীয়ে গুলী চলনা কৰা ঘটনাক বৰ্বৰ আখ্যা দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। আৰক্ষীৰ গুলী চালনাক তীব্ৰ ভাষাৰে গৰিহণা জনাই অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় “তথ্য অনুসৰি দুগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুওৱাইছে আৰু বহু লোক আহত হৈছে। বিশেষকৈ ক’ভিড মহামাৰীৰ দৰে এই সংকট কালত উচ্ছেদ অভিযান আমানৱীয়।”

ভূপেন কুমাৰ বৰাই কয় যে মাহামান্য উচ্চতম ন্যায়ালয়ে ক’ভিড মহামাৰীৰ সময়ত উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল, যদিও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহংকাৰী আৰু একনায়কত্ববাদী মানসিকতাৰে ১৯৭০ দশকৰ পৰা বসতি কৰি অহা ধলপুৰৰ বাসিন্দা সকলক উচ্ছেদ কৰিবলৈ লৈছে। উচ্ছেদ কৰাৰ আগতে চৰকাৰে পুনৰ সংস্থাপন আৰু বিকল্প বাসস্থানৰ ব্যৱস্থা কৰিব লাগিছিল বুলি কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে।

এই এলেকাৰ বাসিন্দা সকলক ২০১৬ ত বিজেপি শাসনলৈ অহাৰ দিনাৰ পৰা উৎপীড়ন চলাই আহিছে। বিকল্প ভূমি আৰু বাসগৃহৰ ব্যৱস্থা নকৰিলে এই ভুক্তভোগী দুখীয়া মানুহখিনি ক’লৈ যাব আৰু কেনেকৈ তেওঁলোক জীয়াই থাকিব? এওঁলোকৰ বেছিভাগেই খেতিয়ক আৰু তেওঁলোকৰ জীৱিকা উৎসৰ ওপৰত আক্ৰমণ হৈছে। চৰকাৰৰ দায়িত্ব মানুহৰ কল্যান সাধন কৰা, কিন্তু খাদ্য, বাসস্থান, শিক্ষা আদি মানুহৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি মানুহৰ সমস্যা সৃষ্টি কৰাটো নহয় বুলি কয় ভূপেন কুমাৰ বৰাই।

আমি মুখ্যমন্ত্ৰীক দাবী জনাইছো , চৰকাৰে প্ৰথমতে এই মানুহখিনিৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু বলপূৰ্বকভাৱে নিৰীহ মানুহক উচ্ছেদ নকৰিব। এইটো পৰিষ্কাৰ হৈ গৈছে যে বিজেপি চৰকাৰখনে ভুৱা এনকাউণ্টাৰ আৰু এতিয়া মুক্তভাৱে মানুহক গুলীয়াই কেৱল বুলেটৰ ভাষাৰে চৰকাৰ চলোৱাৰ অভিসন্ধি ৰচিছে। এনেকুৱা ধৰণৰ শাসন ব্যৱস্থা গৰিহণাৰ যোগ্য আৰু ই গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে বিপদজনক বুলি কয় ভূপেন কুমাৰ বৰাই।

ছিপাঝৰৰ গৰুখুটী ধলপুৰত উচ্ছেদস্থলীত সংঘটিত গুলী চালনাৰ ঘটনাক অমানৱীয় আখ্যা দি ঘটনাক গৰিহণা দিয়ে অসম জাতীয় পৰিষদ দলে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বিষয়ত জাতীয় পৰিষদৰ বিৰোধ নাই কিন্তু উচ্ছেদ পক্ষপাতিত্ববিহীন, শান্তিপূৰ্ণ আৰু যথাসম্ভৱ সৰ্বনিম্ন ক্ষয়-ক্ষতিৰ বিনিময়ত হ’ব লাগিব৷ গৰুখুটী ধলপুৰত প্ৰশাসন আৰু আৰক্ষী বিভাগে এই নীতি মানি চলা নাই৷

সকলো পৰিয়ালকে পৰ্যাপ্ত সময় দি আগতীয়া জাননী জাৰি কৰা আৰু উচ্ছেদিত লোকসকলৰ নিৰাপদ স্থানান্তৰ তথা পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান চলাই চৰকাৰে মানৱতাৰ ধৰ্ম পালন কৰা নাই বুলি কয় দলটোৰ সভাপতি আৰু সাধাৰণ সম্পাদকে৷ প্ৰতিবাদকাৰী লোকৰ ওপৰত গুলী চালনাৰ ঘটনা কেতিয়াও সমৰ্থনযোগ্য নহয় বৰং গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই আৰক্ষীৰ গুলীত নিহত লোকদুজনৰ নিকটাত্মীয়লৈ উপযুক্ত সাহায্য আগবঢ়োৱাৰ দাবী জনায়৷