চিপাঝাৰ : এক আমনৱীয় আৰু লোমহৰ্ষক ভিডিঅ’ই দেশজুৰি সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। এজন নিহত লোকৰৰ ওপৰত এজন যুৱক জপিয়াই পৰা ভিডিঅ’ই উত্তাল কৰি তুলিছিল ৰাজ্য। অৱশেষত নিহত লোকক আক্ৰমণৰ কৰা যুৱকজন গ্ৰেপ্তাৰ হ’ল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিপাঝাৰৰ ধলপুৰত আৰক্ষীৰ গুলীত নিহত হোৱা লোকৰ ওপৰত আক্ৰমণৰ চলোৱা যুৱকজনক। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আক্ৰমণকাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে যে ধলপুৰৰ গৰুখুটিত হাতত কেমেৰা লৈ আঘাতপ্ৰাপ্ত এজন লোকৰ ওপৰত আক্ৰমণৰ চলোৱা বিজয় বণিয়া নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নির্দেশত বিজয় বণিয়াক গ্ৰেপ্তাৰ কৰা হৈছে আৰু।বৰ্তমান বিজয় বণিয়া চি আই ডিৰ জিম্মাত আছে।

চি আই ডিয়ে এই ঘটনাৰ তদন্ত চলাব বুলিও প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। উল্লেখ্য যে ধলপুৰৰ গৰুখুটিত উচ্ছেদ অভিযান চলাবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল প্ৰতিবাদ কাৰীয়ে। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলী চালনা কৰাত দুজনকৈ প্ৰতিবাদকাৰী নিহত হৈছিল।

আৰক্ষীৰ গুলীত নিহত হোৱা এজন লোকৰ ওপৰত জপিয়াই পৰিছিল বিজয় বণিয়া নামৰ যুৱকজনে। বিজয় বণিয়াই মৃত লোকজনৰ শৰীৰৰ ওপৰত আমনৱীয় ধৰণেৰে আক্ৰমণ চলাইছিল। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যৰ লগতে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।