গুৱাহাটী : আশ্রফুল হুছেইনে টুইট কৰা এটা ভিডিঅ’কলৈ দেশজুৰি প্ৰতিক্ৰিয়া। চেঙা সমষ্টিৰ এআইইউডিএফ দলৰ বিধায়ক আশ্রফুল হুছেইনে বৃহস্পতিবাৰে টুইটযোগে প্ৰকাশ কৰিছিল এক ভিডিঅ’। এই ভিডিঅ’ই এতিয়া সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে দৰং জিলাৰ ছিপাঝাৰৰ অন্তৰ্গত গৰুখুটিত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ সময়ত আৰক্ষীক আক্ৰমণ কৰিবলৈ অহা এজন লোক নিহত হৈছিল আৰক্ষীৰ গুলীত। আৰক্ষীৰ গুলীত মাটিত ঢলি পৰা লোকজনক পৰৱৰ্তী সময়ত হাতত কেমেৰালৈ এজন যুৱকে মাটিত ঢলি পৰা নিহত লোকজনক অমানৱীয়ভাৱে প্ৰহাৰ কৰে।

যুৱকজনে মৃত লোকজনক ভৰিৰে গচকি, ঘুচিয়াই প্ৰহাৰ কৰে। এই ভিডিঅ’ নিজৰ টুইটযোগে প্ৰকাশ কৰি চেঙা সমষ্টিৰ এআইইউএফৰ বিধায়ক আশ্রফুল হুছেইনে লিখিছিল “হাতত কেমেৰা লৈ এইদৰে মৃত লোকজনক প্ৰহাৰ কৰা যুৱকজন কোন ?” ইয়াৰ পিছতে লোমহৰ্ষক দৃশ্য থকা ভিডিঅ’টো দেশজুৰি ভাইৰেল হৈ পৰে।

এজন মৃত লোকক হাতত কেমেৰালৈ এজন যুৱকে গচকি বন্য উল্লাস কৰা ভিডিঅ’ই সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমগ্ৰ মানৱ জাতিক এই ঘটনাই লজ্জানত কৰিছে বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে। ইয়াৰ পিছতে মৃত লোকজনক প্ৰহাৰ কৰা যুৱকজনক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

ছিপাঝাৰৰ গৰুখুটিত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ সময়ত বেদখলকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ ওপৰত শিলা বর্ষণ কৰাত আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। প্ৰতিবাদকাৰীৰ আক্ৰমণত ১১ জনকৈ আৰক্ষীৰ লোক আহত হোৱাৰ লগতে আৰক্ষীৰ গুলীত দুজন প্ৰতিবাদকাৰী নিহত হয়।