গুৱাহাটী : ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰিলে প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দলে। প্ৰদেশ কংগ্ৰেছৰ সজাতি দলটোত কংগ্ৰেছৰ দলৰ কেইবাগৰকী নেতাৰ লগতে উপস্থিত থাকে ২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা মনজিত মহন্ত আৰু অসীমা বৰদলৈ।

বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা সজাতি দলে ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰক সাক্ষাৎ কৰে। কংগ্ৰেছৰ সজাতি দলটোৱে ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। গুৱাহাটী পৌৰ নিগমৰ লগতে ৰাজ্যৰ পৌৰসভা সমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত কংগ্ৰেছ দলে ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীক এই স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ২০১৮ চনৰ ৩১ জুলাই ভিতৰত অনুষ্ঠিত হ’ব লাগিছিল।ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশত ২০১৮ চনৰ জুলাই মাহত গুৱাহাটী পৌৰ নিগমৰ ভোটাৰ তালিকাৰ খছৰা প্ৰকাশৰ লগতে ৱাৰ্ড আৰু এৰিয়া সভাৰ আসন সংৰক্ষণ সম্পৰ্কত ৰাজনৈতিক দল সমূহৰ লগত সভা অনুষ্ঠিত কৰি আসন সমূহৰ সংৰক্ষণ সম্পৰ্কীয় তালিকাও প্ৰকাশ কৰিছিল।

কিন্তু ইয়াৰ পিচতে ৰাজ্য চৰকাৰৰ গুৱাহাটী উন্নয়ণ বিভাগৰ মন্ত্ৰী গৰাকী সলনি হোৱাৰ লগতে অসম চৰকাৰৰ কেবিনেট সভাই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পূৰ্বৰ দৰে ৬০ টা ৱাৰ্ডত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ৰাজ্য চৰকাৰৰ হৈ মুখপাত্ৰই এই সন্দৰ্ভত ৰাজহুৱা ঘোষণা আগবঢ়ায়। কিন্তু ইয়াৰ পিচতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰা বিষয়টোই গেঠেলা মাৰে বুলি কংগ্ৰেছে প্ৰকাশ কৰে।

পৰবৰ্তী পৰ্য্যায়ত উদ্ভৱ হোৱা ক’ভিড পৰিস্থিতিৰ দোহাই দি ৰাজ্য চৰকাৰে নিৰ্বাচন সম্পৰ্কীয় বিষয়টো এৰাই চলি গুৱাহাটী পৌৰ নিগম তদৰ্থ ব্যৱস্থাৰে ৰাজ্য চৰকাৰৰ বিষয়াক প্ৰশাসক হিচাপে নিযুক্তি দি নিগম পৰিচালনা কৰে। এই ব্যৱস্থা অসাংবিধানিক বুলি কংগ্ৰেছৰ দলে প্ৰকাশ কৰি ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীক নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনায়।