কোচবিহাৰ : অবৈধভাৱে ভাৰতৰ প্ৰৱেশ কৰা তিনিজনকৈ বাংলাদেশী নাগৰিকক আটক কৰিলে বিএছএফে। কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলাইছিল তিনি বাংলাদেশী নাগৰিকে। বিএছএফে আটক কৰি তিনিওজন বাংলাদেশী নাগৰিকক গতাই দিয়ে বাংলাদেশ গাৰ্ড বৰ্ডাৰৰ হাতত। চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ভাৰতৰ অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলাই বাংলাদেশী নাগৰিক তিনিজনে।

পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ কোচবিহাৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ দিঘলটাৰী বিএছএফ কেম্পৰ অধীনত থকা কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ভাৰতলৈ প্ৰৱেশ কৰাৰ চেষ্টা চলাই তিনিজন বাংলাদেশী নাগৰিক ধৰা পৰে। বিএছএফে আটক কৰা বাংলাদেশৰ তিনিজন নাগৰিকক আলোচনাৰ অন্তত বাংলাদেশ গাৰ্ড বৰ্ডাৰৰ হাতত গতাই দিয়ে।

জানিব পৰা মতে বৃহস্পতিবাৰে বাংলাদেশৰ নাগৰিক তিনিজন দিঘলটাৰী বিএছএফ কেম্পৰ অধীনত ভাৰত-বাংলাদেশ সীমান্তত থকা কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলায়। সেই সময়তে সীমান্তত টহল দি থকা ১২৯ বেটেলিয়ান বিএছএফ জোৱানে বাংলাদেশী নাগৰিক তিনিজনক সীমান্তৰ পৰাই আটক কৰি সোধা-পোছাৰ অন্তত সীমান্তৰ সিপাৰে থকা বাংলাদেশ গাৰ্ড বৰ্ডাৰ চমুকৈ বিজিবিক খবৰ দিয়ে।

সন্ধিয়া প্ৰায় ৭.১০ বজাত বিজিবিৰ দুজনীয়া দল এটা সীমান্তৰ কাষত উপস্থিত হোৱাত দুই দেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ আলোচনাৰ অন্তত বাংলাদেশী নাগৰিক তিনিজনক বিএছএফে বিজিবিৰ হাতত চমজাই দিয়ে।বাংলাদেশী নাগৰিক তিনিনজন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ফুলবাৰী থানা এলেকাৰ ধৰমপুৰ গাঁৱৰ তাইজুল ইছলাম, একেখন জিলাৰ অধীনস্থ নাগেশ্বৰ থানাৰ অন্তৰ্গত পাৰাদাঙা গাঁৱৰ আনাৰুল সেখ আৰু আহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

বাংলাদেশী নাগৰিক তিনিজনৰ লগতে এজন ১২ বছৰীয়া কিশোৰী আছিল। ভাৰতত শ্ৰমিক হিচাপে কাম কৰাৰ বাবে তিনিজন বাংলাদেশী নাগৰিকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰা বুলি জানিব পৰা গৈছে। কিন্তু টহলধাৰী বিএছএফে তেওঁলোকক আটক কৰি বিজিবিৰ হাতত গতাই দিয়া ঘটনাই বিশেষ তাতপৰ্য বহন কৰিছে। সম্প্ৰতি বিএছএফ আৰু বিজিবিয়ে দুই দেশৰ সীমান্তত যাতে অপৰাধ সংঘটিত নহয় তাৰ বাবে এনে বন্দুত্বমুলক কাৰ্যসূচী কিছুদিনৰ পৰা গ্ৰহণ কৰি আহিছে।

কিছুদিন পূৰ্বে সাঁতজনীয়া বাংলাদেশী নাগৰিকক বিএছএফে বিজিবিৰ হাতত চমজাই দিয়া বুলিও জানিব পৰা গৈছে। ইফালে ৪৭ বেটেলিয়ান বিএছএফ জোৱান বৃহস্পতিবাৰে পুৱতি নিশা পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তৰ অমৃত বিএছএফ কেম্পৰ অধীনত ২৯.৩ কেজি ভাং আৰু ২৯৫ বটল নিচাজাতীয় কফ শ্বিৰাফ জব্দ কৰে। এই নিচাজাতীয় সামগ্ৰীখিনি এটা দুষ্ট চক্ৰই কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰাত টহলধাৰী বিএছএফ ঘটনাস্থলীত উপস্থিত হৈ নিচাজাতীয় সামগ্ৰীখিনি উদ্ধাৰ কৰে।